NORTHEAST NOW (Assamese)

মাৰণাস্ত্ৰসহ চাৰি নাবালক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ধেমাজি আৰক্ষীৰ

April 22, 2020 2:34 pm · এন ই নাও নিউজ

মঙলবাৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ধেমাজি আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা চাৰিওজন সৰবৰাহকাৰীয়ে নাবালক বুলি জানিবলৈ দিছে ধেমাজি আৰক্ষীয়ে।

সৰবৰাহকাৰীকেইজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে মোবাইল ফোনৰ হেণ্ডছেট, এটা ৰিভলভাৰ আৰু এখন ডেগাৰ জব্দ কৰিছে।

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা ল’কডাউনৰ সময়ছোৱাত ৰাজ্য চৰকাৰে নিষিদ্ধ কৰা পাণ-গুটখাৰ অভিযানত চলাওতে আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকালত জিলাখনৰ বিভিন্ন স্থানত ৩০,০০০ হাজাৰো অধিক লিটাৰ দেশীয়ভাৱে উৎপাদিত মাদক দ্ৰৱ্য নষ্ট কৰে আপক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে এই সংক্ৰান্ত চাৰিটা কেচ পঞ্জীয়ন কৰা বুলি জানিবলৈ দিছে।

Related News