NORTHEAST NOW (Assamese)

ধলাৰ হত্যাকাণ্ড: ‘সফল’ হৈছে গৃহ বিভাগ, দাবী ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ

November 2, 2018 10:16 pm · কল্পজ্যোতি শইকীয়া
Updated: November 3, 2018 1:46 pm
ৰঞ্জিত দাসৰ ফাইল ছবি

ধলাৰ গণহত্যা সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি চৰকাৰ পৰিচালনাত বিফলতাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ গৃ্হ বিভাগক ‘সফল’ হোৱা বুলিহে কৃতিত্ব দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

“চৰকাৰৰ গৃহ বিভাগ সফল হৈছে। এটা মাত্ৰ ঘটনা ঘটিলেই গৃহ বিভাগ বিফল হয় নেকি?” শুকুৰবাৰে গুৱাহাটীত সংবাদমেল পাতি সাংবাদিকক ওলোটাই প্ৰশ্ন বিজেপি সভাপতিজনৰ।

সাধাৰণ ৰাইজক নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা স্বীকাৰৰ পৰিৱৰ্তে প্ৰতিজন লোকক ‘এজনকৈ নিৰাপত্তাৰক্ষী’ দিব নোৱাৰাৰ কথাহে কয় ৰঞ্জিত দাসে।

“আমি যদি প্ৰতিজন ব্যক্তিৰ বিপৰীতে যদি এজনকৈ নিৰাপত্তাৰক্ষী দিওঁ, তেন্তে শাসন ব্যৱস্থাটোৰ কোনো প্ৰয়োজনেই নাথাকিব। আপোনালোকে আমাক ভোট দি জিকোৱাটো প্ৰয়োজনেই নাথাকিব,” চৰকাৰৰ ‘ব্যৰ্থতা’ক লৈ সাংবাদিকৰ প্ৰশ্নৰ এই সমিধান দাসৰ।

অসমৰ জনসাধাৰণৰ বিপৰীতে আৰক্ষীৰ ‘পৰিমাণ সীমিত’ বুলি উল্লেখ কৰি জনসাধাৰণৰ নিৰাপত্তাৰ এই সমাধান সৰভোগৰ জন প্ৰতিনিধিজনৰ।

সাংবাদিকৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰ সলনি বিজেপি নেতাজনে কংগ্ৰেছৰ ‘দিনৰ’ কথাহে উল্লেখ কৰে। “কংগ্ৰেছৰ দিনত ইয়াতকৈও বেছি হত্যালীলা হৈছিল। কংগ্ৰেছে কৰি যোৱা পাপসমূহ এতিয়া বিজেপিয়ে মোচন কি আছে,’‘ মন্তব্য দাসৰ।

প্ৰতিজন লোকক এজনকৈ নিৰাপত্তাৰক্ষী দিয়াৰ দৰে উদ্ভট দাবী কোনেও নকৰা সত্ত্বেও শাসন কৰিবলৈ নিৰ্বাচন খেলা আৰু শাসন কৰি থকা দলৰ শীৰ্ষ নেতাজনৰ এনেধৰণৰ উত্তৰে দায়বদ্ধতাহীনতাকে সূচোৱা নাইনে?

Related News