NORTHEAST NOW (Assamese)
অসম

‘ফেনি’ৰ আশংকাত ধুবুৰীত বন্ধ নাও চলাচল

Posted by: এন ই নাও নিউজ May 3, 2019 8:14 pm
Cyclone_

সম্ভাৱ্য বিধ্বংসী ঘূৰ্ণী ‘ফেনি’ৰ আশংকাত ধুবুৰীত জিলা প্ৰশাসনে জাৰি কৰিছে হাই এলাৰ্ট। লগতে জিলা প্ৰশাসনে নদী পথত বন্ধ কৰি দিছে নাও দিছে চলাচল।

উল্লেখযোগ্য যে উৰিষ্যাত ফেনীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতে বাংলাদেশ আৰু পশ্চিমবংগ হৈ ধুবুৰীত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে এই ঘূৰ্ণী ফেনিৰ প্ৰভাৱ অসমত পৰিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

ইফালে এনে জৰুৰীকালীন সময়ত ধুবুৰী জিলাৰ বতৰ বিজ্ঞান কেন্দ্ৰত ১১ বজালৈকে তলা ওলমি থকাৰ বিপৰীতে ধুবুৰী দুৰ্যোগ প্রশমন বিভাগৰ কাৰ্যালয়ৰো একেই অৱস্থা।

আনহাতে জিলা প্ৰশাসনে ফেনীৰ আশংকাত নদী পথত হাই এলাৰ্ট জাৰি কৰিছে যদিও এই বিষয়ত নাও চালক সকল অৱগত নোহোৱাৰ বাবে শ শ যাত্ৰী লৈ নদী পথত চলাচল কৰি আছে। পিছত জিলা প্ৰশাসনে এই নাও চলাচল বন্ধ কৰে। একেদৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীও জিলা প্ৰশাসনে বন্ধ কৰিছে।