NORTHEAST NOW (Assamese)

ধুবুৰীত চাৰি লাখ টকা মূল্যৰ চোৰাং কাঠ জব্দ : এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

September 20, 2020 5:06 pm · মুকেশ কুমাৰ সিং
Updated: September 20, 2020 5:09 pm
প্ৰতিনিধিত্বমূলক ছবি

দেওবাৰে ধুবুৰী আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণ চোৰাং শাল কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীৰ সূত্ৰৰ খবৰ অনুসৰি এক গোপন সূত্ৰৰ পম খেদি ধুবুৰী আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত চুতুগোমা গাঁৱত এই চোৰাং কাঠখিনি জব্দ কৰে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ৪০০ চিএফটি চোৰাং শাল কাঠখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা হ’ব।

আৰক্ষীয়ে উক্ত চোৰাং কাঠখিনিৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা লোকজন চুতুগোমাৰ হানিফ আলিৰ পুত্ৰ হাতেম আলি বুলি জানিব পৰা গৈছে।

ইতিমধ্যে হাতেম আলিৰ বিৰুদ্ধ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বুলি জনাইছে ধুবুৰী আৰক্ষীয়ে।

Related News