NORTHEAST NOW (Assamese)

‘মাৰি-পিটি দেহ ব্যৱসায়ত লগাইছিল’: শিলিগুৰিত উদ্ধাৰ হোৱা অসমৰ যুৱতী

July 7, 2019 11:21 pm · মুকেশ কুমাৰ সিং
Updated: July 7, 2019 11:33 pm
প্ৰতীকী ছবি।

দেহ ব্যৱসায়ৰ নৃশংস জগতৰ দুঃস্বপ্নহেন বাস্তৱৰ সাক্ষী হোৱা অসমৰ ধুবুৰীৰ এগৰাকী যুৱতীক চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ শিলিগুৰিৰ পতিতালয়ত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

দেওবাৰে ধুবুৰীত সাংবাদিকৰ আগত যুৱতীগৰাকীয়ে নিজৰ ভয়ানক অভিজ্ঞতা বৰ্ণনা কৰে।

“যোৱা এমাহতকৈয়ো বেছি দিন মাৰি-পিটি বলপূৰ্বক মোক দেহ ব্যৱসায়ত লগোৱা হৈছিল,” তিনিমাহ পূৰ্বে ধুবুৰীৰ চাউথ চালমাৰাৰ পৰা সন্ধানহীন হোৱা যুৱতীগৰাকীয়ে কয়।

দক্ষিণ চালমাৰাৰ মুতাখাৱা গাৱঁৰ ছোৱালীজনীয়ে মানৱ সৰবৰাহ তথা দেহ ব্যৱসায় চক্ৰটোৰ নে’টৱৰ্কটোৰো বৰ্ণনা কৰে।

যুৱতীগৰাকীৰ অভিযোগ মতে, তেওঁৰ প্ৰেমিক তথা একেখন গাৱঁৰে যুৱক চমেজ আলিয়ে বিয়া কৰাম বুলি বন্ধু আনোৱাৰৰ সৈতে লগ-লাগি তাইক লৈ গৈ শিলিগুৰিত বিক্ৰী কৰিছিল।

“তিনিমাহ আগতে বিয়া পাতিম বুলি চমেজে মোক ধুবুৰী টাউনলৈ লৈ আনিছিল। তাৰ পিছত সি মোক কোচবিহাৰলৈ নি জাহাংগীৰ নামৰ এজন মানুহ আৰু এজনী মানুহৰ হাতত গতাই দিয়ে। সিহঁতে মোক শিলিগুৰিলৈ লৈ আনি প্ৰথমতে পুচকি, তাৰ পিছত মঞ্জুৰ আৰু শেষত প্ৰদীপক বিক্ৰী কৰে। তাৰ পৰাই পুলিচে মোক উদ্ধাৰ কৰিছে,” যুৱতীগৰাকীৰ ভাষ্য।

যুৱতীগৰাকী সন্ধানহীন হোৱা বুলি দেউতাকে যোৱা ১৭ জুনত দিয়া এজাহাৰৰ ভিত্তিত তদন্তকাৰী বিষয়া নয়ন কুমাৰে চলোৱা অভিযানত তেওঁক উদ্ধাৰ কৰা হৈছে।

ঘটনাটো সন্দৰ্ভত এতিয়ালৈকে কোনো ব্যক্তিক আটক কৰা হোৱা নাই, কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত থকা বুলি সদৰী কৰি শীঘ্ৰেই দোষীক ধৰা পেলোৱাৰ আশ্বাস দিছে।

“আমি ভাৰতীয় দণ্ড বিধিৰ ৩৬৩, ৩৬৫, ৩৮৭ আৰু ৩৪ ধাৰাত এটা গোচৰ (নং ২১২/২০১৯) ৰুজু কৰিছো,” চাউথ চালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আবুল কালাম আজাদে জনায়।

Related News