NORTHEAST NOW (Assamese)

টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠান সম্পন্ন

February 26, 2021 6:39 am · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও।

আধুনিক শিক্ষাৰ বাটকটীয়া টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুষ্ঠান চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী লগত সংগতি ৰাখি বৰ্ষযোৰা কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচী বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।

পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণৰ পাছতেই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনিৰ পৌৰোহিত্যত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° ভীমকান্ত বৰুৱা আৰু ড° নৱকুমাৰ সন্দিকৈক এই শুভক্ষণত বিশেষ সম্বৰ্দ্ধনা জনোৱাৰ লগতে হীৰক জয়ন্তী উপলক্ষ্যত প্ৰস্তুত কৰি উলিয়াওৱা কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।

উক্ত অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° জাহ্নবী গগৈ নাথ, সহযোগী অধ্যাপক ড° মানস প্ৰতিম বৰ্মন,মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° যজ্ঞেশ্বৰ বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা ভাষণেৰে সকলোকে আপ্লুত কৰি তোলে।

সভাৰ অন্তত প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠান আৰু এক বৰ্ণাঢ্য সংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

উল্লেখযোগ্য যে যোৱা ২০১৯ বৰ্ষতে যদিও হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰা হৈছিল মহাবিদ্যালয়ৰ তিনিগৰাকীকৈ শিক্ষক অনাকাংক্ষিতভাৱে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰাৰ লগতে দেশত কা, কৰ’ণাৰ আতংকৰ বাবে কিছু পলমকৈ অনুষ্টুপীয়াকৈ অনুষ্ঠানভাগি সামৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে।

Related News