NORTHEAST NOW (Assamese)

ডিব্রুগড় জিলা উপায়ুক্তৰ ৪ টা নিৰ্মীয়মান পথ পৰিদৰ্শন, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

February 12, 2020 9:16 pm · অভিক চক্ৰৱৰ্তী
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ; উৎস-ইণ্টাৰনেট

আজি বুধবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে জিলাখনৰ বিভিন্ন স্থানত নিৰ্মাণৰত ৪ টা পথ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত উপায়ুক্তগৰাকীয়ে পথ ৪ টাৰ অগ্ৰগিতৰ খটিয়ান লয়।

পৰিদৰ্শন কালত উপায়ুক্ত ঝায়ে চাউলখোৱাত NHIDCLএ নিৰ্মাণ কৰি থকা উৰণীয়া সেঁতুৰ পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়।

উক্ত পৰিদৰ্শন কালত ডিব্ৰগড় জিলা উপায়ুক্তগৰাকীক সঙ্গ দিয়ে অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত আৰু NHIDCLৰ শীৰ্ষ বিষয়ববীয়াই।

উপায়ুক্ত পল্লৱ গোপাল ঝায়ে ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰ্মাণকাৰী সংস্থা NHIDCLক বিভাগীয় গাইড লাইন তথা নৰ্মছসহ সেঁতুখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ উপিৰও উপায়ুক্তগৰাকীয়ে NHIDCLয়ে লেপেটকাটা, তিলৈ আৰু মৰাণ নগৰত নিৰ্মাণ কৰি থকা পথসমূহো পৰিদৰ্শন কৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বিভাগীয় গাইড লাইন তথা নৰ্মছসহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

পৰিদৰ্শনৰ পিছতে জিলা উপায়ুক্তগৰাকীয়ে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তৰ লগতে NHIDCL আৰু গড়কাপ্টানি বিভাগৰ ঠিকাদাৰসকলৰ উপিস্থিতিত এক সভাত অংশগ্ৰহণ কৰে।

Related News