NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল জাতীয় সংগঠনৰ ৩ জনকৈ নেতা-কর্মী

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী November 14, 2020 8:58 pm
Dibrugarh

ডিব্ৰুগড়ত ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে জাতীয় সংগঠনৰ তিনি গৰাকীকৈ নেতা-কৰ্মী।

ডিব্ৰুগড় আৰক্ষীৰ সূত্ৰৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা যুৱকত্ৰয় হৈছে ক্ৰমে বিশ্বজিৎ দাস, ৰোহন দাস আৰু অভিনৱ দাস।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিও গৰাকী যুৱক অনুসূচীত জাতি সংগ্ৰামী পৰিষদ, অসম নামৰ সংগঠনটোৰ নেতা-কৰ্মী বুলিও প্ৰকাশ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই সংবাদ মাধ্যমক জনোৱা অনুসৰি সংগঠনটোৱে ডিব্ৰুগড় চহৰৰ নিউ মাৰ্কেটৰ এখন জুৱেলাৰী স্বত্বাধিকাৰীৰ পৰা ১০ হাজাৰ টকা দাবী কৰিছিল।

সংগঠনটোৰ সদস্যকেইজনে বুধবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰজনৰ পৰা ১০ হাজাৰ টকা সংগ্ৰহ কৰে যদিও সংগঠনৰ বৰঙণি তোলা ৰছিদত মাত্ৰ ৪ হাজাৰ টকা সংগ্ৰহ কৰা বুলি লিপিৱদ্ধ কৰে।

ইয়াৰ পিছতে প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীজনে অন্য তিনিজন কৰ্মচাৰীৰ স্বাক্ষৰসহ ডিব্ৰুগড় সদৰ আৰক্ষী থানাত অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে সংগঠনটোৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ ৪৪৮/৩৮৪/৩৪ ধাৰাত নং ১৯৯৬/২০২০ত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে সংগঠনটোৰ তিনিজন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।