NORTHEAST NOW (Assamese)

বিধানসভাৰ নিৰ্বাচনৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ ছেমিষ্টাৰ পৰীক্ষা স্থগিত

March 2, 2021 9:38 am · এন ই নাও নিউজ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইয়াৰ অধীনস্থ চলিত বৰ্ষৰ আগন্তুক স্নাতক মহলাৰ ছেমিষ্টাৰ পৰীক্ষা পিছুৱাই দিছে।

নিৰ্বাচন আয়োগে অসম বিধানসভাৰ ২০২১ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক মহলাৰ ছেমিষ্টাৰ পৰীক্ষাসমূহ স্থগিত থাকিব বুলি জনাইছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।

উল্লেখ্য যে অহা ৫ মাৰ্চৰ পৰা বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰথম আৰু তৃতীয় ছেমিষ্টাৰ (Non-CBCS) পৰীক্ষা  অনুষ্ঠিত হোৱাৰ কথা আছিল।

ইফালে স্নাতক মহলাৰ পঞ্চম ছেমিষ্টাৰ পৰীক্ষা ৯ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।

আনহাতে স্নাতক মহলাৰ প্ৰথম ছেমিষ্টাৰ(CBCS) ৰ পৰীক্ষা অহা ২০ মাৰ্চৰ পৰা হোৱাৰ কথা।

বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ পি কে কাকতিয়ে সোমবাৰে জনাইছে যে স্নাতক মহলাৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা সূচী পুনৰ প্ৰস্তুত কৰা হ’ব।

Related News