NORTHEAST NOW (Assamese)

ডিব্রুগড় বিশ্ববিদ্যালয়লৈ প্রধানমন্ত্রী উন্নত শিক্ষা আঁচনিৰ অধীনত ১০০ কোটি টকাৰ অনুদান

February 18, 2024 3:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 18, 2024 3:41 pm

ৰাজ্যৰ অন্যতম প্রধান উচ্চ শিক্ষা প্রতিষ্ঠান ডিব্রুগড় বিশ্ববিদ্যালয়ে প্রধানমন্ত্রী উন্নত শিক্ষা অভিযান (PM-USHA) আঁচনিৰ অধীনত লাভ কৰিছে ১০০ কোটি টকাৰ অনুদান।

বিশ্ববিদ্যালয়খনক এক উন্নত মানৰ গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই অনুদান আগবঢ়োৱা হৈছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যম যোগে এই খবৰ সদৰী কৰি সুখ প্ৰকাশ কৰে।

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ লগতে কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ে ইউনিভাৰ্চিটি ষ্ট্ৰেংথেনিং অনুদানৰ অধীনত ২০ কোটি টকাকৈ লাভ কৰিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।

ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অফিচিয়েল ফেচবুক পেজত বহুবিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এই সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে, ১৯৬৫ চনত প্ৰতিষ্ঠা হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম তথা উত্তৰ-পূ্ৰ্বাঞ্চলৰ দ্বিতীয়খন পুৰণি বিশ্ববিদ্যালয়। শেহতীয়া এই অনুদানে শিক্ষা প্ৰতিষ্ঠানটোৰ মানদণ্ড অধিক উন্নত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

Related News