NORTHEAST NOW (Assamese)

‘কা’ বিৰোধিতা কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাঃ সম্পাদক ৰাহুল ছেত্ৰীক NIAৰ চমন

March 18, 2020 8:21 pm · কল্পজ্যোতি শইকীয়া
ৰাহুল ছেত্ৰী

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক সন্মুখৰ পৰা নেতৃত্ব দিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীলৈ চমন জাৰি কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAই।

অহা ২০ মাৰ্চৰ দিনা সোণাপুৰৰ নাজিৰাখাটস্থিত NIAৰ ৰাজ্যিক কাৰ্য্যালয়ত পুৱা ১১ বজাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে ছাত্ৰ নেতাজনক।

কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত NIA য়ে ৰাহুলক সোধা-পোচা কৰিব বুলি জানিব পৰা গৈছে।

ৰাহুললৈ NIA-এ জাৰি কৰা চমন

উল্লেখযোগ্য যে অখিল গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰৰ শাস্তি)১২৪ এ (ৰাষ্ট্ৰদ্ৰোহ)১৫৩ এ (বেআইনী) আৰু ১৫৩ বি তথা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ ধাৰা ১৮ আৰু ৩৯ ডিৰ অধীনত ১৩/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰিছিল। 

এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত ৰাহুলে কয়, ‘নিয়াৰ চমনৰ প্ৰতি সন্মান জনাই উক্ত দিনটোত মই নিয়া কাৰ্য্যালয়ত উপস্থিত থাকিম। মোক মাওবাদী সজাবলৈ মাতিছে নে অন্য কিবা কামত মাতিছে সেয়া ধৰিব পৰা নাই। মই ডাঠি ক’ব পাৰো মোৰ তেনে কাৰো লগত সম্পৰ্ক নাই।‘

তেওঁ লগতে কয় ‘চৰকাৰে সকলোকে কিনিব পাৰিছে কিন্তু ছাত্ৰ সমাজক কিনিব পৰা নাই। ছাত্ৰ সমাজ কাৰো সৈতে বিক্ৰী হোৱাৰ ইতিহাস নাই। সেয়েহে ছাত্ৰ সমাজৰ ওপৰত চৰকাৰে দমননীতি আৰু কুটনীতি চলাইছে। ‘কা’ আন্দোলন কৰি থাকোতে প্ৰথমবাৰলৈ মাত্ৰ দহ মিনিটৰ বাবে অখিল দাক লগ পাইছিলো। সেই ১০ মিনিটৰ কথা পতাটোৱেই তেওঁলোকে অপৰাধ বুলি ভাবিছে।‘

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাকো সোধ-পোচৰ বাবে নিয়াই তলব কৰিছিল।

Related News