NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম : পঞ্জীয়ক, উপ পঞ্জীয়কক নিলম্বন; ডঃ জিতেন হাজৰিকাক পঞ্জীয়কৰ দায়িত্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 5, 2021 9:04 am
Jiten Hazarika

ৰাজ্যপাল জগদীশ মুখীৰয়ে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্বিবদ্যালয়ৰ বিত্তীয় অনিয়মৰ তদন্ত অব্যাহত ৰাখিছে।

তদন্ত সমিতিয়ে তদন্ত অব্যাহত ৰখাৰ মাজতেই বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হৰিশ চন্দ্ৰ মহন্ত আৰু উপ পঞ্জীয়ক (বিত্তীয় আৰু গাণনিক) দিগন্ত বৰাক বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত নিলম্বন কৰিছে।

তেওঁলোকক নিলম্বন কৰাৰ পিছত ভাৰপ্ৰাপ্ত পঞ্জীয়কৰ দায়িত্ব দিয়া হৈছে বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগ অধ্যাপক জিতেন হাজৰিকাক। আনহাতে বিত্তীয় আৰু গাণনিক বিভাগৰ দায়িত্ব চম্ভালিব বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক বিভাগৰ যুটীয়া পঞ্জীয়ক পৰমান্দ সোণোৱালে।

উল্লেখ্য যে বিগত কেবামাহো ধৰি বিশ্ববিদ্যালয়খনত ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰ তথা বিত্তীয় অনিময়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছিল।

বিত্তীয় অনিয়মত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীয়ো জড়িত থকাৰ অভিযোগ উত্থাপন কৰি উচ্চ শিক্ষানুষ্ঠানখনৰ শিক্ষক সংস্থা আৰু আছু গোটে ৰাজ্যপাল তথা আচাৰ্যক এখন উচ্চ পৰ্যায় তদন্ত কমিটি গঠনৰ দাবী জনাই আহিছিল।

এই দাবীৰ প্ৰতি সঁহাৰি জনায় ৰাজ্যপাল মুখীয়ে প্ৰীতম শইকীয়াৰ নেতৃত্বত চাৰিজনীয়া তদন্ত কমিটি গঠন কৰি বিশ্ববিদ্যালয়খনৰ বিত্তীয় অনিয়ম তদন্ত কৰিবলৈ প্ৰেৰণ কৰে।

তদন্ত কমিটিয়ে বিশ্ববিদ্যালয়খনৰ বিভিন্ন নথি পত্ৰ, চহী, হিচাপ-নিকাচ তন্ন তন্নকৈ পৰীক্ষা কৰি বিত্তীয় বিসংগতি ধৰা পেলাইছে। ইয়াৰ পিছতে বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদে পঞ্জীয়ক আৰু এগৰাকী উপ পঞ্জীয়কক তৎকালে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে।

ইফালে অহা ৬ ফেব্ৰুৱাৰিত তদন্ত কমিটিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে।