NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী

Posted by: এন ই নাও নিউজ October 8, 2018 8:07 am
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাবলৈ সক্ষম হোৱা ঘটনাই ডিব্ৰুগড়বাসীৰ লগতে অসমবাসীকো আনন্দিত কৰি তুলিছে।

উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰাই যোৱা ৫ আৰু ৬ অক্টোবৰত ৰাজস্থানৰ উদয়পুৰৰ পেচিফিক বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘নতুন যুগত ৰসায়ন বিজ্ঞান’ নামৰ সন্মিলনখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ অংশ গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ গৱেষণাৰ কামৰ প্ৰদৰ্শনীৰ বাবে ‘যুৱ বিজ্ঞানী পুৰস্কাৰ’ লাভ কৰে।

জানিব পৰা মতে জ্ঞানশ্ৰী বৰাই ২০১৪ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই ৰসায়ন বিজ্ঞান বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি ২০১৫ চনৰ পৰা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত গৱেষণা কৰি আছে।

মন কৰিব লগীয়া যে পূৰ্বতেও জ্ঞানশ্ৰীয়ে ২০১৬ চনৰ ডিচেম্বৰ মাহত ডেৰাডুনৰ উত্তৰাখণ্ড কাৰিকৰী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমিৰ নাচি-স্প্ৰিঞ্জাৰ বঁটা ২০১৬ লাভ কৰিছিল।

তাৰোপৰি ২০১৮ চনৰে মাৰ্চ মাহৰ কেৰালাত অনুষ্ঠিত সামগ্ৰীৰ পুনৰ ব্যৱহাৰ সম্পৰ্কীয় সন্মিলনখনত অংশ গ্ৰহণ কৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ গৱেষণাৰ কামৰ প্ৰদৰ্শনীৰ বাবে বঁটা লাভ কৰিছিল।