NORTHEAST NOW (Assamese)
অসম

সোণোৱালৰ ৰাজনীতিৰ পাঠশালা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গাৰ তেজেৰে লিখি আহ্বান জনালে বিধেয়ক বাতিলৰ

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী February 11, 2019 11:25 pm
Dibrugarh University protest

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যবাসীৰ হাজাৰ আৰ্তানাদেও লৰাব নোৱৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি নিজৰ গাৰ তেজেৰে লিখি আহ্বান জনালে তেওঁ এসময়ত ৰাজনীতিৰ অ-আ, ক-খ শিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

‘ৰক্ত শপত’ শীৰ্ষক এটা ব্যতিক্ৰম ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচীত বিশ্ববিদ্যালয়খনৰ ১৬জন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শৰীৰৰ তেজেৰ ‘নাগৰিকত্ব বিধেয়ক বাতিল কৰক’ বুলি প্লেকাৰ্ড, বেনাৰ লিখি মুখ্য মন্ত্ৰীলৈ সম্বোধন কৰে।

বিশ্ববিদ্যালয়ৰ আছু গোট আৰু অন্যান্য কেইটামান সংগঠনৰ উদ্যোগত এই তেজৰ চিয়াহীক প্ৰতিবাদৰ ভাষা কৰা কাৰ্য্যসূচীটো ৰূপায়ণ কৰা হয়।

প্ৰতিবাদী কাৰ্য্যসূচীটোত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে মুখ্য মন্ত্ৰী সোণোৱালক তেওঁৰ স্থিতিৰ বাবে ধিক্কাৰ দিয়ে। এনেকৈ তেজেৰে লিখি জনাব লগীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলি কয়।

”এনেকুৱা ৰাজনীতিবিদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা যাতে ভৱিষ্যতে সৃষ্টি নহয়, তাকেই কামনা কৰো”, এজন ক্ষুভিত ছাত্ৰই এইদৰে কয় সাংবাদিকৰ আগত।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ বিজেপি মন্ত্ৰী তপন গগৈ বিধায়ক ঋতুপৰ্ণ বৰুৱাও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল আৰু ৰাজনীতিৰ অ-আ, ক-খ ছাত্ৰ ৰাজনীতিৰ জৰিয়তে তাতেই শিকিছিল।