NORTHEAST NOW (Assamese)

বিত্তীয় খেলিমেলি; ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক নিলম্বন

February 11, 2021 3:12 pm · এন ই নাও নিউজ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা বিত্তীয় খেলিমেলিৰ অভিযোগৰ তদন্তৰ বাবে ৰাজ্যপাল জগদীশ মুখীয়ে গঠন কৰি দিয়া ফেক্ট ফাইণ্ডিং কমিটিৰ প্ৰতিবেদনৰ পাছতে নিলম্বন কৰা হৈছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ৰঞ্জিত তামুলীক।

ৰাজ্যপাল জগদীশ মুখীয়ে ৰঞ্জিত তামুলীক নিলম্বনৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰি বিশ্ববিদ্যালয় আছু গোটৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল।

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পাছতে ৰাজ্যপাল জগদীশ মুখীয়ে বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্তৰ বাবে এখন কমিটি গঠন কৰি দি প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিছিল।

তদন্ত কমিটিৰ প্ৰতিবেদনত উপাচাৰ্য্যগৰাকী বিত্তীয় খেলিমেলিত জড়িত থকাৰ তথ্য প্ৰকাশ পাইছিল আৰু ইয়াৰ পাছতে তাৎক্ষণিকভাৱে উপাচাৰ্য্য ৰঞ্জিত তামুলীক নিলম্বনৰ নিৰ্দেশ দিয়া হয়।

ৰঞ্জিত তামুলীৰ ঠাইত আৰ এন এছ যাদৱক ভাৰপ্ৰাপ্ত উপাচাৰ্য্য হিচাপে নিযুক্তি দিয়া হৈছে।

Related News