NORTHEAST NOW (Assamese)

কিয় পদত্যাগ উঠাই ল’লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৰাকী ডিনে?

September 29, 2018 6:17 pm · অভীক চক্ৰবৰ্তী
পদত্যাগ উঠাই লোৱা ডিনকেইগৰাকী। ছবি- ফে’ছবুক আৰু ফাইল ছবি।

উপাচাৰ্য্য ৰঞ্জিত তামুলী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থা (DUTA)ৰ সৈতে শনিবাৰে হোৱা ‘সুদীৰ্ঘ আৰু ফলদায়ক’ বৈঠকৰ পিছত ‘শিক্ষানুষ্ঠানখনৰ স্বাৰ্থত’ শনিবাৰে পদত্যাগ উঠাই লৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদত্যাগী ৩গৰাকী ডিনে।

“উপাচাৰ্য্য আৰু শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে এক সুদীৰ্ঘ আৰু ফলদায়ক আলোচনাৰ পিছতে আমি পদত্যাগ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। বিষয়টো বুজাবুজিৰ যোগেদি মীমাংসা হৈছে আৰু আমি মহান শিক্ষানুষ্ঠানখনৰ স্বাৰ্থত একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছো,’’ নৰ্থ ইষ্ট নাও-ক জনালে পদত্যাগ কৰা ৪ গৰাকী ডিনৰ এজন এল কে’ নাথে।

পদত্যাগ কৰা ৪ গৰাকী ডিনৰ এতিয়ালৈকে পদত্যাগ উঠাই নোলোৱা অজন্তা বি ৰাজকোঁৱৰেও তেওঁৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে সহকৰ্মীসকলে। বৰ্তমান হায়দৰাবাদত থকা বাণিজ্য আৰু ব্যৱস্থাপনা বিভাগৰ অধ্যাপিকাগৰাকীয়ে ঘূৰি আহি পদত্যাগ উঠাই লোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৰাকী ডিনে পদত্যাগ পত্ৰ দাখিল কৰিছে

উপাচাৰ্য্যৰ সিদ্ধান্তত ‘অপমানিতবোধ’ কৰা বুলি ঘোষণা কৰি যোৱা সোমবাৰে পদত্যাগ কৰিছিল ডিনকেইগৰাকীয়ে।

পদত্যাগ কৰা ডিনকেইগৰাকী আছিল বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যালয়ৰ ডিন এল কে নাথ, পৃথিৱী, পৰিৱেশ বিজ্ঞান, পৰিপাৰ্শ্বিক আৰু শক্তি বিদ্যালয়ৰ ডিন দিলীপ মজুমদাৰ, বাণিজ্য আৰু ব্যৱস্থাপনা বিজ্ঞান বিদ্যালয়ৰ ডিন অজন্তা বি ৰাজকোঁৱৰ আৰু হিউমেনিটিজ, সমাজ বিজ্ঞান আৰু আইন বিদ্যালয়ৰ ডিন এন কে সন্দিকৈ।

Related News