NORTHEAST NOW (Assamese)

আপুনি জানেনে? ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়ন আছিল ৰাহুল গান্ধী; লাভ কৰিছিল মাৰ্চিয়েল আৰ্টৰ ব্লেক বেল্ট

March 17, 2020 12:51 pm · এন ই নাও নিউজ
ৰাহুল গান্ধী, ফ'টো উৎস- টুইটাৰ

ভাৰতীয় ৰাজনীতিত বৰ্তমানলৈকে এজন ব্যৰ্থ ৰাজনীতিকৰূপে পৰিগণিত কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী এজন ক্ৰীড়াবিদো আছিল।

ৰাষ্ট্ৰীয় ৰাজনীতিলৈ অহা পূৰ্বে তেওঁ ক্ৰীড়াক্ষেত্ৰত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপৰ সন্মানো লাভ কৰিছিল।

৪৯ বৰ্ষীয় ৰাজনৈতিক নেতা ৰাহুল গান্ধীয়ে আজিৰ পৰা ৩২ বছৰ পূৰ্বে ১৯৮৯ চনত ২৫ মিটাৰ চেন্টাৰ ফায়াৰ পিষ্টল শ্বুটিঙত সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল।

উক্ত ইভেন্টৰ ৩০০ পইন্টৰ ভিতৰত তেওঁ লাভ কৰিছিল ২৭১ পইন্ট।

ৰাহুল গান্ধীয়ে আনকি জাপানী মাৰ্চিয়েল আৰ্টছ আইকিড’ত ব্লেক বেল্টো লাভ কৰিছিল।

‘ক্ৰীড়া মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ। মই নিতৌ অন্ততঃ এঘণ্টা সময় খেলত ব্যয় কৰো। অৱেশ্য কেই মাহমানৰ পৰা মই সময় দিব পৰা নাই।’ ৰাহুল গান্ধীয়ে কয়।

Related News