NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছৰ ফলত তৃতীয়জন ভাৰতীয় লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 17, 2020 12:11 pm
coron_1584032980_618x347

বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ ফলত মহাৰাষ্ট্ৰত আজি এজন ৬৪ বছৰীয়া লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে ভাৰতত এই ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিৰ ঘৰ পালে।

ইয়াৰ পূৰ্বে কৰ্ণাটকৰ কলবুৰ্গীত ৭৬ বছৰীয়া এজন লোক আৰু দিল্লীত এগৰাকী ৬৮ বছৰীয়া মহিলাৰ এই ভাইৰাছবিধৰ ফলত মৃত্যু হৈছিল।

ভাৰতত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰাৰ দিশে আগবাঢ়িছে ক’ৰ’না ভাইৰাছ। দেশখনত এই পৰ্যন্ত ১৩০ গৰাকী লোক এই ভয়াবহ ভাইৰাছৰ বিধৰ কৱলত পৰিছে।

জানিব পৰা মতে মহাৰাষ্ট্ৰত তিনিগৰাকী বিদেশীসহ সৰ্বাধিক ৩৯ গৰাকী লোক এই ভাইৰাছ বিধত আক্ৰান্ত হৈছে। উত্তৰ প্ৰদেশত এগৰাকী বিদেশীসহ ১৩ গৰাকী লোকৰ দেহত এই ভাইৰাছবিধ ধৰা পৰিছে।

আনহাতে দিল্লীত ৭ গৰাকী, কৰ্ণাটকত ৮ গৰাকী, লাডাখত ৪গৰাকী, জম্মু-কাশ্মীৰত ৩গৰাকী, তেলেংগানাত ৪ গৰাকী, ৰাজস্থানত ৪ গৰাকী, তামিল নাডু, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ, ওড়িষা আৰু উত্তৰাখণ্ডত এজনকৈ লোক এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা যায়।

স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈ ১৩ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ পৰা সম্পূৰ্ণ মুক্ত হৈ চিকিৎসালয় এৰিছে।