NORTHEAST NOW (Assamese)

ডিগবৈত বিজেপি নেতাক আঁঠু কঢ়াই ক্ষমা খোজালে জিতেন দত্ত বাহিনীয়ে

January 13, 2019 3:11 pm · এন ই নাও নিউজ

ডিগবৈত অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ বিষয়ে অশ্লীল মন্তব্য কৰা বিজেপিৰ এজন নেতাক আজি পুৱাই ধৰি আনি স্থানীয় যুৱকসকলে টিংৰাই বজাৰ তিনি আলিত আঁঠু কঢ়োৱাৰ লগতে ক্ষমা খুজিবলৈ বাধ্য কৰে। আঁঠু কাঢ়ি থকা অৱস্থাত তেজাক ‘জয় আই অসম’ লিখা আৰু তেওঁ ভুল কৰা বুলি স্বীকাৰ কৰি তথা তাৰ বাবে ক্ষমা খোজা বুলি লিখা প্লেকাৰ্ড ধৰি থাকিবলৈ বাধ্য কৰায়। ঘটনাৰ কিছু সময়ৰ পিছতে আৰক্ষী উপস্থিত হৈ তেজা দেবক আটক কৰি লৈ যায়।

জানিব পৰামতে অভিযুক্তজনৰ নাম তেজা দেব আৰু তেওঁ ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ ঘনিষ্ঠ। যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁ বগাপানী কলনিৰ বিজেপি ৱাৰ্ড মেম্বাৰ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল।

আনহাতে তেজা দেবে অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা নিজৰ দাদাগিৰি দেখুৱাই অহাৰো অভিযোগ আনিছে স্থানীয় লোকসকলে। আজি ক্ষুভিত যুৱকসকলে তেওঁক বিধায়ক সুৰেন ফুকনৰ বাসগৃহৰ সমীপতে আঁঠু কঢ়াই ৰাখি বিধায়কজনৰ প্ৰতিও এক সকীয়নি প্ৰেৰণ কৰিলে।

আনহাতে আলফা নেতা জিতেন দত্তই এনে কাম কাকো নকৰিবলৈ সকীয়াই দিয়ে। অন্যথা সহ্য কৰা নহ’ব বুলি কয়। “তেজা দেবে বৰ অশ্লীলভাৱে অসমীয়া ভাষাৰ বিৰুদ্ধাচৰণ কৰি মন্তব্য দিছিল ফেচবুকত। অসমীয়া নক’বৰ বাবে সকীয়াই দিছিল। আমাৰ ভাইটি, সতীৰ্থসকলে ধৰি আনি বজাৰ তিনি আলিত মাফ খোজাই।” জিতেন দত্তই কয়।

তেওঁ ইয়াক এটা নমুনা বুলি উল্লেখ কৰি কয়, “আমি ইয়াৰ যোগেদি ইয়াত থকা বেংগলী মানুহখিনিক ক’ব বিচাৰিছো। আমি কোনো বেংগলী বিৰুদ্ধাচৰণ কৰা নাই। অসমীয়া, বেংগলী, বিহাৰী, মাৰোৱাৰী চব একেলগে আছো। কিন্তু সেইবুলি জাতিটো, ভাষাটোক অপমান কৰিলে সহ্য কৰা নহ’ব। সেইটো একেবাৰে স্পষ্ট। ইয়াত কোনো বিজেপিৰ দালালি নচলিব। বিজেপিৰ লিডাৰ বুলি কৈ কোনোবাই অসমীয়া ভাষাটোক অপমান কৰিলে সহ্য কৰা নহ’ব।”

অসমীয়া বিৰোধী মন্তব্য দিলে ভৱিষ্যতে পৰিস্থিতি ইয়াতকৈ বেয়া হ’ব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিয়ে জিতেন দত্তই।

Related News