NORTHEAST NOW (Assamese)

স্বনামধন্য শিল্পী, খগেন মহন্তৰ ভাতৃ দীগেন মহন্ত আৰু নাই

September 18, 2024 9:45 am · এন ই নাও নিউজ
Updated: September 18, 2024 9:59 am

অসমৰ প্ৰখ্যাত শিল্পী দিগেন মহন্তৰ মঙলবাৰে গুৱাহাটীত দেহাৱসান ঘটে। নিশা প্ৰায় ৮ বজাত তেওঁৰ মৃত্যু হয়।

মহন্ত আছিল অসমীয়া সংগীতৰ কিংবদন্তি প্ৰয়াত খগেন মহন্তৰ কনিষ্ঠ ভাতৃ।

দিগেন মহন্ত আছিল অল ইণ্ডিয়া ৰেডিঅ’ (AIR), গুৱাহাটীত প্ৰথম শ্ৰেণীৰ কণ্ঠশিল্পী। তেওঁৰ চিৰসেউজ গীত “তুমি ৰোৱা সেই শেৱালী জোপা আজি প্ৰথম ফুলিছে”ৰ বাবে তেওঁ বহুলভাৱে পৰিচিত আছিল।

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা অসংখ্য প্ৰশংসা লাভ কৰা মহন্তৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক পৰিৱেশত এক শোকৰ ছাঁ পেলাইছে। নগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীক ২০২২ চনত নগাঁৱৰ আগশাৰীৰ সামাজিক আৰু সাংস্কৃতিক সংগঠন গন্ধাৰে ‘সুৰ-ৰত্ন জগ্য বেজবৰুৱা বঁটা’ৰে সন্মানিত কৰিছিল। অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰতিও তেওঁৰ বিশেষ অৱদান আছে। এইগৰাকী প্ৰচাৰবিমুখ শিল্পীৰ মৃত্যুত অসমৰ শিল্পী সমাজ শোকাৰ্ত হৈ পৰিছে।

Related News