NORTHEAST NOW (Assamese)

সকলো মিছাৰ ওপৰত চলি আছে; মোডীৰ ওচৰত চাৰ্জিকেল ষ্ট্ৰাইকৰ কোনো প্ৰমাণ নাই: দিগ্বিজয় সিং

January 24, 2023 2:30 pm · এন ই নাও নিউজ, নতুন দিল্লী

পুলৱামা আক্ৰমণৰ পিছত পাকিস্তানৰ বালাকোটত চাৰ্জিকেল ষ্ট্ৰাইকক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে। সোমবাৰে জম্মুত এক সমাৱেশত সম্বোধন কৰি দিগ্বিজয়ে কয় যে মোডী চৰকাৰে ২০১৯ চনত পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কৈছিল। মোডী চৰকাৰে কৈছিল যে চাৰ্জিকেল ষ্ট্ৰাইকত বহুলোকৰ মৃত্যু হৈছিল। কিন্তু তাৰ কোনো প্ৰমাণ নাই।

চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছতে কংগ্ৰেছে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াকে লৈ বিজেপিয়ে আস্ফালন কৰিবলৈ ধৰে। প্ৰশ্ন উত্থাপিত হৈছিল যে কংগ্ৰেছে সেনাৰ সামৰ্থ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু বিতৰ্কটো ৰৈ গৈছে।

দিগ্বিজয়ে কয়, “কেন্দ্ৰীয় চৰকাৰে মিছাকথাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। মোৰ কথাটো হ’ল যে এই দেশখন আমাৰ সকলোৰে।‘’

পুলৱামা আক্ৰমণত ৪০ জন চিআৰপিএফ জোৱানে প্ৰাণ হেৰুৱাইছিল। প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি দিগ্বিজয়ে কয় যে এটা বিশাল কনভয় গৈ আছে। তাত এখন গাড়ী সোমাই গ’ল। চেক কৰাই নহ’ল! চিআৰপিএফৰ সঞ্চালকজনে কৈছিল যে চিআৰপিএফৰ জোৱানসকলক বিমানেৰে লৈ যোৱা হ’ব। কিন্তু ইয়াক মানি লোৱা নহ’ল। এয়াৰলিফ্টৰ বিষয়ে আলোচনা কৰা হৈছিল কাৰণ জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা পথৰ সেই ঠাইখন অতি বিপদজনক। যিকোনো মুহূৰ্তত সন্ত্ৰাসবাদীৰ আক্ৰমণ হ’ব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে এয়াৰলিফ্টৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছিল।

পুলৱানমাৰ কথা উল্লেখ কৰি দিগ্বিজয়ে কয়, ” সেই অঞ্চলটোত প্ৰতিখন বাহনত তালাচী চলোৱা হয়। আক্ৰমণৰ দিনা বিশেষ স্ক’ৰপিঅ’ গাড়ীখনৰ কিয় তালাচী কৰা হোৱা নাছিল? এখন গাড়ী বিপৰীত ফালৰ পৰা আহি কনভয়ত প্ৰৱেশ কৰিছিল! সেই গাড়ীখন আগতে কিয় আৱদ্ধ কৰা হোৱা নাছিল? আক্ৰমণৰ পিছত চিআৰপিএফ ভানে ইয়াক পৰীক্ষা কৰিছিল। ৪০ জন সেনাৰ প্ৰাণ গ’ল।

Related News