NORTHEAST NOW (Assamese)
Popular Stories

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 8, 2026 2:35 pm

চেন্সৰশ্বিপৰ বিতৰ্কৰ বাবে বছৰ বছৰ ধৰি পলম হোৱাৰ পিছত অৱশেষত টিটি প্লেটফৰ্ম জীফাইভত মুক্তি পাইছিল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ ছবিখনৰ আগৰ নাম আছিল পঞ্জাৱ ৯৫। কিন্তু মুক্তি পোৱাৰ মাত্ৰ তিনিদিন পিছতেই জীফাইভৰ পৰা ছবিখন আঁতৰাই পেলোৱা হয়। কোনো আনুষ্ঠানিক কাৰণ নোহোৱাকৈ এনেদৰে হঠাৎ ছবিখন আঁতৰাই পেলোৱাৰ বাবে বহুতো অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু জনপ্ৰিয় ব্যক্তিয়ে তীব্ৰ সমালোচনা কৰিছে।

এই বিতৰ্কৰ মাজতে ছবিখনৰ মুখ্য অভিনেতা দিলজিৎ দোছাঞ্জে অনুৰাগীসকলক ছবিখন যিমান পাৰি সিমান শ্বেয়াৰ আৰু পাইৰেট কৰিবলৈ আহ্বান জনাইছে। জীফাইভৰ পৰা আঁতৰোৱাৰ পিছত ছবিখন বৰ্তমান এটা ব্যক্তিগত ইউটিউব চেনেলত মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে। তাত দৰ্শকে ছবিখন বহুলভাৱে চাই আছে। ইয়াৰ উপৰিও বলীউড আৰু ক্ৰীড়া জগতৰ বহুতো চেলিব্ৰিটীয়ে ছবিখন আঁতৰাই পেলোৱা কাৰ্যৰ বিৰোধিতা কৰিছে আৰু ৰাজহুৱাভাৱে নিজৰ মত প্ৰকাশ কৰিছে।

প্ৰাক্তন ক্ৰিকেটাৰ আৰু বৰ্তমানৰ সাংসদ হৰভজন সিঙে ছবিখন চোৱাৰ পিছত ইয়াক প্ৰশংসা কৰিছে। তেওঁ কয় যে সত্যক কেতিয়াও চিৰদিনৰ বাবে লুকুৱাই ৰাখিব নোৱাৰি। চিয়েল মিডিয়াত তেওঁ লিখে যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ইতিহাসৰ অন্যতম ডাঙৰ গণহত্যা আছিল যিটো ইংৰাজে কৰিছিল। কিন্তু যচৱন্ত সিং খালৰাৰ কাহিনীটো বেলেগ, ৰক্ষকেই ভক্ষক হৈ পৰিছিল। হৰভজনে লগতে কয় যে খালৰাৰ সাহসে অবৈধভাৱে নিৰুদ্দেশ কৰা আৰু গোপনে দাহ কৰা বহুতো ঘটনা পোহৰলৈ আনিছিল। পঞ্জাৱৰ মাতৃসকলে আজিও উত্তৰ বিচাৰি আছে।

আনহাতে, অভিনেতা ৰণবীৰ শোৰেয়েও ছবিখন আঁতৰাই পেলোৱাক লৈ দুখ প্ৰকাশ কৰিছে। তেওঁ কয় যে তেওঁ এই ছবিখন চাবলৈ বহু দিন ধৰি অপেক্ষা কৰি আছিল আৰু কাহিনী লুকুৱাই ৰখাৰ এই সংস্কৃতিক তেওঁ একেবাৰেই বুজি পোৱা নাই। অভিনেত্ৰী গুল পানাগেও কয় যে ইতিহাসৰ কঠিন অধ্যায়বোৰ লুকুৱাই ৰাখিব নালাগে। ছবি এখনক লৈ বিতৰ্ক পাৰে, কিন্তু ইয়াক নিষিদ্ধ কৰাটো কেতিয়াও কোনো সমাধান নোৱাৰে।

আনমোল জামৱালেও চেন্সৰশ্বিপৰ বিৰোধিতা কৰি চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে। দৰাচলতে প্ৰায় চাৰি বছৰ ধৰি মুক্তি নোপোৱাকৈ থকাৰ পিছত যোৱা জুলাইত জীফাইভত ছবিখন মনে মনে মুকলি কৰা হৈছিল। কিন্তু ৪৮ ঘণ্টাৰ ভিতৰতে ভাৰত চৰকাৰৰ নিৰ্দেশত নিৰাপত্তাজনিত কাৰণ দেখুৱাই তথ্য প্ৰযুক্তি নিয়ম ২০২১ অধীনত ছবিখন প্লেটফৰ্মটোৰ পৰা আঁতৰোৱা হয়। ২০২২ চনতে চেন্সৰ ৰ্ডে ছবিখনত ১২৭ টা দৃশ্য কাটিবলৈ কোৱাৰ পিছত নিৰ্মাতাসকলে অস্বীকাৰ কৰাৰ বাবে ইয়াৰ চাৰ্টিফিকেট পোৱাত পলম হৈছিল।

ছবিখনৰ পৰিচালক হানি ত্ৰেহানে কৈছে যে ছবিখনক লৈ আচলতে কোনে আপত্তি কৰিছে সেয়া তেওঁ আজিও নাজানে। আনহাতে, সহপ্ৰযোজক ৰণী স্ক্ৰুৱালাৰ আৰ এছ ভি পি মুভিজে চৰকাৰৰ নিৰ্দেশত ছবিখন আঁতৰোৱা বুলি নিশ্চিত কৰিছে আৰু সোনকালেই আকৌ ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰিছে। অভিনেতা কঁৱলজিৎ সিঙে এই কাৰ্য্যক তীব্ৰ সমালোচনা কৰি দেশৰ বাক স্বাধীনতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে আৰু নিৰ্মাতাসকলে ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলিও প্ৰকাশ কৰিছে।