NORTHEAST NOW (Assamese)
অসম

হাফলঙৰ হোটেল হাফলং, হোটেল জয়েশ্বৰী আৰু জে এন ভি কনটেইনমেন্ট জ’ন ঘোষণা

Posted by: পংকজ কুমাৰ দেৱ Updated by: পংকজ কুমাৰ দেৱ May 24, 2020 3:51 pm

হাফলঙৰ ছনটিলাৰ জে এন ভি কেম্পাছ, চহৰ জয়শ্ৰী আৰু হোটেল হাফলং কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ডিমা হাচাও জিলা প্রশাসনে।

শনিবাৰে হাফলঙৰ দুটা কোৱাৰেন্টাইন চেন্টাৰ ক্ৰমে জে এন ভি আৰু হোটেল হাফলঙৰ পৰা মুঠ সাতগৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি কনটেইনমেন্ট জ’নৰ ১০০ মিটাৰ (বৃত্তাকাৰ) দূৰত্ব ৰেড জ’ন ঘোষণা কৰাৰ উপৰি আৰু ২০০ (বৃত্তাকাৰ) মিটাৰ গ্ৰীণ জ’ন বা ৱাফাৰিং এলেকা হিচাপে চিহ্নিত কৰা হৈছে।

য’ত স্বাস্থ্য বিভাগৰ জৰুৰীকালীন বা নিত্য প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই নিয়া যান-বাহনৰ বাহিৰে বেলেগ গাড়ী সোমোৱা বা উলিওৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অকল এয়াই নহয় সাধাৰণ ৰাইজেও সেই এলেকাত অহা যোৱা কৰিব নোৱাৰিব।

ইয়াৰ উপৰি কনটেইনমেন্ট এলেকাত কোনো ধৰণৰ সভা-সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব।

আনহাতে প্ৰশাসনৰ জৰুৰী বৈঠকত কোভিড ডিচাৰ্জ ব’ৰ্ড গঠন কৰা হৈছে। ব’ৰ্ডত আছে অতিৰিক্ত জিলা উপায়ুক্ত দীপক জিদুং, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: দীপালী বৰ্মন, ডিষ্ট্ৰিক্ট চাৰ্ভিলেন্স অফিচাৰ ডা: এল ভাইপে আৰু এন এইচ এমৰ ডি পি এম ৰুক্ষ্ণিনী ডিফুচা আদি বিষয়া।

উল্লেখ্য যে ক’ৰ’না আক্ৰান্ত সাত গৰাকী ব্যক্তি হ’ল লাংটিঙৰ উৎপল মিশ্ৰ, উমৰাংছুৰ ৰ’ছান থাপা, হাফলঙৰ হেলুইবে পামে(২৩), মাহুৰৰ পাউহেঙবে নৃয়ামে (২৩), কিদুইবে জেমি (২৩), দেইলাঙবে জেমি(২৬) আৰু চেমিয়ন জেমি(২৩)।

লাংটিঙৰ মিশ্ৰই আগৰতলাৰ পৰা যোৱা ১৯ মে’ত ট্ৰেইনেৰে অহাৰ পাছত কোৱাৰেন্টাইন কৰাৰ উপৰি বাকী ছয়গৰাকী চেন্নাইৰ পৰা ১৬ আৰু ১৮ তাৰিখে হাফলঙত উপস্থিত হৈছিল।