NORTHEAST NOW (Assamese)
অসম

ভাৰতত স্থাপন হ’ব বিশ্ব পৰম্পৰাগত দৰৱ কেন্দ্ৰ : বিশ্ব স্বাস্থ্য সংস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2020 6:46 pm

পৰম্পৰাগত দৰৱৰ গৱেষণা আৰু সজাগতাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত বিশ্ব পৰাম্পৰাগত দৰৱ কেন্দ্ৰ স্থাপন কৰিব।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানমো এই কথা সদৰী কৰে।

‘‘পৰম্পৰাগত দৰৱৰ বিস্তাৰমুখি যাত্ৰাৰ বিকাশৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই দেশবোৰৰ পৰম্পৰাগত দৰৱকলৈ থকা নীতিৰ প্ৰতি সমৰ্থন আগবঢ়াব যাতে জনসাধাৰণে এখন স্বাস্থ্যসন্মত পৃথিৱীত বাস কৰিব পাৰে,’’ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ উপৰিও ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়েও দেশত পৰম্পৰাগত দৰৱৰ বিস্তাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ভাৰতত প্ৰাচীন কালৰে পৰা পাৰম্পৰিক আয়ুৰ্বেদ চিকিৎসা বুহলভাৱে প্ৰচাৰিত হৈ আছিল আৰু জনসাধাৰণৰ মাজত পৰম্পৰাগত চিকিৎসাৰ বিশ্বাস আৰু সুফল দুয়োটাই আছিল।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানমো ক’ৰ’নাৰ ভেকচিন কোভাক্সৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতে দেখুওৱা সহযোগিতাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা কৰিছিল।