NORTHEAST NOW (Assamese)

স্বয়ংক্ৰিয় ৰাইফল লৈ দৰা-কইনাই প’জ দিয়া ঘটনা সন্দৰ্ভত ডিমাপুৰত দুজনক গ্ৰেপ্তাৰ, দৰা-কইনা জামিনত মুকলি

November 13, 2019 10:05 pm · এন ই নাও নিউজ
দৰা-কইনাৰ দৃশ্য

ডিমাপুৰৰ পাঁচ মাইলত ৯ নৱেম্বৰত অনুষ্ঠিত হোৱা এখন বিবাহ কাৰ্য্যসূচীত বিবাহস্থলীত দৰা-কইনাই হাতত স্বয়ংক্ৰিয় ৰাইফল লৈ প’জ দিয়া ঘটনা সন্দৰ্ভত বুধবাৰে ডিমাপুৰ আৰক্ষীয়ে এন এছ চি এন (কিতোভি-নেঅ’পাও)ৰ অট’ চুমি (২৩)আৰু মুঘাহো (২৮) নামৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে।

বিবাহস্থলীত অস্ত্ৰ প্ৰদৰ্শনেৰে যুদ্ধ বিৰতি নীতি উলংঘা কৰা অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

নৱ বিবাহিত দৰা-কইনাকো গ্ৰেপ্তাৰ কৰা হয় যদিও পৰৱৰ্তী সময়ত দুয়োকো জামিনত মুকলি কৰি দিয়া হয়।

দৰা-কইনাই বিবাহ স্থলীত স্বয়ংক্ৰিয় ৰাইফলেৰে প’জ দিয়াৰ পাছত বিবাহৰ আনন্দ প্ৰকাশ কৰি কিছু সংখ্যক সংগঠনটোৰ সদস্যই স্বয়ংক্ৰিয় ৰাইফলেৰে ধাৰাষাৰ গুলীবৰ্ষণ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

আনহাতে, উক্ত ঘটনা সন্দৰ্ভত ডিমাপুৰ আৰক্ষীয়ে মঙলবাৰে ডিমাপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল।

ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান টি জং লংকুমেৰে ডিমাপুৰ আৰক্ষী আয়ুক্তগৰাকীক দৰা-কইনা আৰু ঘটনাৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে কাৰ্য্যব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে, বিবাহস্থলীত মাৰণাস্ত্ৰ লৈ প’জ দিয়া দৰা-কইনা দুয়ো নাগা সশস্ত্ৰ গোট এন এছ চি এন য়ুনাইডেটৰ দুজন জেষ্ঠ মন্ত্ৰীৰ পুতেক আৰু জীয়েক। দৰাৰ দেউতাক বহ’ট’ কিবা সংগঠনটোৰ গৃহ মন্ত্ৰী।

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰৱিয়েও আৰক্ষী সঞ্চালকপ্ৰধানক ঘটনাটো সন্দৰ্ভত “এটা অপৰাধমূলক গোচৰ পঞ্জীয়ন, বন্দুকসমূহ জব্দ আৰু দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ” কৰিবলৈ নিৰ্দেশ দিছিল।

কেন্দ্ৰ চৰকাৰ আৰু নাগা বিদ্ৰোহী সংগঠন সমূহৰ মাজত শান্তি আলোচনা চলি থকাৰ সময়তে নাগালেণ্ডত অস্ত্ৰ প্ৰদৰ্শনৰ এনে ঘটনাই আশান্তি সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে।

Related News