NORTHEAST NOW (Assamese)

পুনৰ হেট্ৰিক; মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো হেট্ৰিক অৰ্জনেৰে বেগী বলাৰ দীপক চাহাৰৰ চমক

November 12, 2019 7:04 pm · এন ই নাও নিউজ
দীপক চাহৰ

মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত দুটাকৈ হেট্ৰিক অৰ্জনেৰে অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতীয় যুৱ তাৰকা বেগী বলাৰ দীপক চাহাৰে।

২৭ বছৰীয়া বেগী বলাৰ গৰাকীয়ে দেওবাৰে ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত অন্তিমখন টি-২০ খেলত হেট্ৰিক সহ ছয়টা উইকেট দখল কৰাৰ পাছতে মঙলবাৰে ছৈয়দ মুস্তাক আলী ট্ৰফী (টি-২০)ত ৰাজস্থানৰ হৈ অংশগ্ৰহণ কৰি বিদৰ্ভৰ বিপক্ষে পুনৰ হেট্ৰিক অৰ্জন কৰে।

বিদৰ্ভৰ বিপক্ষে খেলা খেলখনত চাহৰে তিনিটা বলত তিনিটা উইকেট দখল কৰি হেট্ৰিক অৰ্জন কৰাৰ লগতে ৪ অভাৰত মাত্ৰ ১৮ ৰাণ দি ৪ টা উইকেট দখল কৰে।

উল্লেখযোগ্য যে, বাংলাদেশৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত হোৱা টি-২০ খেলখনত চাহৰে ৩.২ অভাৰত মাত্ৰ ৭ ৰাণ খৰচ কৰি ৬ টা উইকেট দখল কৰি টি-২০ খেলত বলাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে।

এইক্ষেত্ৰত চাহৰে শ্ৰীলংকাৰ অজন্তা মেণ্ডিজৰ নামত থকা সাত বছৰীয়া পুৰণি অভিলেখ ভংগ কৰাৰ লগতে টি-২০ হেট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

Related News