NORTHEAST NOW (Assamese)
অসম

পূৰণ হ’ব সুশান্তৰ আধৰুৱা সপোন: নিৰ্মাণৰ পথত ‘চান্দ মামা দূৰ কি’ ছবি, কোন হ’ব অভিনেতা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2021 2:16 pm
sushant

বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ এটা আধৰুৱা সপোন পূৰণ হোৱাৰ পথত।

সৰুৰে পৰা মহাকাশৰ বিভিন্ন বিষয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা সুশান্তই ঘৰতে স্থাপন কৰি লৈছিল টেলিস্কোপ।

সেই টেলিস্কোপেৰে তেওঁ বহু নিশালৈকে চাইছিল দূৰ-দূৰনিত থকা তৰা-গ্ৰহবোৰ।

তেওঁৰ মহাকাশকলৈ নিৰ্মাণ কৰা ছবিত অভিনয় কৰাৰ বৰ মন আছিল।

২০১৭ চনত সুশান্তৰ ইচ্ছা পূৰণ কৰাৰ বাবে পৰিচালক সঞ্জয় পূৰণ সিং আগবাঢ়ি আহিছিল।

ঠিক কৰা হৈছিল পৰিচালক সিঙে নিৰ্মাণ কৰিব ‘চান্দ মামা দূৰ কি’ নামৰ ছবি খন । য’ত মুখ্য ভূমিকাত অভিনয় কৰিব অভিনেতা সুশান্ত সিং ৰাজপুতে।

সেই মৰ্মে ২০১৭ চনতে সুশান্তই মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছালৈ গৈ প্ৰশিক্ষণো গ্ৰহণ কৰিছিল।

আমেৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত সুশান্ত ব্যস্ত হৈ পৰিছিল আন প্ৰজেক্টৰ সৈতে।

সেই বাবে ‘চান্দ মামা দূৰ কি’ ছবি খনৰ কথাও লাহে লাহে তল পৰিছিল।সুশান্তৰ মৃত্যুৰ পিছত এতিয়া ছবিখন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে পৰিচালক সঞ্জয় পূৰণ সিঙে।

সুশান্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেই পৰিচালক সিঙে ছবিখন নিৰ্মাণৰ কথা চিন্তা কৰা বুলি সাংবাদকিক জানিবলৈ দিছে।

ছবি খনত সুশান্তই অভিনয় কৰিবলগীয়া চৰিত্ৰটোত কোনে অভিনয় কৰিব সেয়া এতিয়াও ঠিক হোৱা নাই যদিও ২০১৭ চনতে ছবি খনত আৰ মাধৱন , নৱাজুদ্দিন ছিদ্দিকি আদিয়ে অভিনয় কৰাৰ কথা আছিল ।

এতিয়াও তেওঁলোকে ছবিখনত অভিনয় কৰাৰ সম্ভাৱনা আছে বুলি পৰিচালক সিঙে জানিবলৈ দিছে।