NORTHEAST NOW (Assamese)
অসম

বোকাখাত জাতীয় বিদ্যালয়ত নাৰীবাদ প্ৰসংগ আৰু লিংগ অধ্যয়ন বিষয়ক আলোচনা, নাট প্ৰদৰ্শন

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত October 22, 2021 8:49 am
IMG-20211021-WA0004~2

যোৰহাটৰ যোগমৃণা ট্ৰাষ্ট পূৰ্বভাৰতী এডুকেশ্বনেল ট্ৰাষ্ট্ৰৰ উদ্যোগত আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ লিংগ অধ্যয়ন শাখাৰ সহযোগত বৃহস্পতিবাৰে বোকাখাত জাতীয় বিদ্যালয়ৰ বকুল তল প্ৰাংগনত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷

“নাৰীবাদ প্ৰসংগ আৰু লিংগ অধ্যয়ন বিষয়ক মুকলি আলোচনা” শীৰ্ষক এই অনুষ্ঠানত বিদ্যালয়ৰ ছাত্র-ছাত্রী, ডিব্রুগড় বিশ্ববিদ্যালয় আৰু কাজিৰঙা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে।

অনুষ্ঠানতে সদৌ অসম ভিত্তিত আয়োজিত মৃণালিনী গোস্বামী আৰু যোগানন্দ গোস্বামী স্মাৰক নাৰীবাদী কবিতা লিখা প্ৰতিযোগিতাৰ বঁটা সমূহো  প্ৰদান কৰা হয়।

মুঠ ৩২গৰাকী কবিয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰথম কুঁকি কল্পিতা বৰাই প্ৰথম, মণিকংকনা বৰবৰা দ্বিতীয় আৰু মৃদু পবন ৰাজখোৱাই তৃতীয় পুৰস্কাৰ লাভ কৰে ৷

মানপত্ৰ আৰু নগদ ধনসহ পুৰস্কাৰ সমূহ প্ৰদান কৰে পূৰ্বভাৰতী এডুকেশ্বনেল ট্ৰাষ্টৰ কৰ্মকৰ্তা ড০ অদিতি বেজবৰুৱা আৰু অধ্যাপিকা স্বামিম নাছৰিনে।

উল্লেখযোগ্য যে অনুষ্ঠানৰ মূল বিষয় লিংগ অধ্যয়নৰ কাৰণ বা উপযোগিতা সম্পৰ্কত বিশেষ শৈলীৰে এক নাট পৰিবেশন কৰে নাট্যশিল্পী পাপৰি মেধিয়ে।

অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জেষ্ঠ নাগৰিক আনিচুৰ ৰহমান, পদ্মকেশৰ ছেত্ৰী, অমৰ কাকতি, কবি দিলীপ ফুকন, শিল্পী পদুমী গাজলু, প্ৰবীণ সাংবাদিক ভৱানন্দ কলিতা, কবি নিজৰা বৰঠাকুৰ আৰু প্ৰদীপ বৰুৱাকে আদি কৰি বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।    

আলোচনাত অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় উদ্যোক্তা বন্দিতা আচাৰ্য, ৰশ্মিৰেখা বৰা আৰু সোনেশ্বৰ নৰহে।