NORTHEAST NOW (Assamese)

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

May 16, 2025 2:53 pm · এন ই নাও নিউজ, গুৱাহাটী
Russian President Vladimir Putin and Defence Minister Sergei Shoigu speak after a military parade on Victory Day, which marks the 77th anniversary of the victory over Nazi Germany in World War Two, in Red Square in central Moscow, Russia May 9, 2022. REUTERS/Maxim Shemetov

ৰাছিয়াৰ গ্ৰাউণ্ড ফৰ্চৰ মুৰব্বী জেনেৰেল অলেগ ছাল্যুকোভক বৰ্খাস্ত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। বৃহস্পতিবাৰে (১৫ মে) ক্ৰেমলিনে তেওঁক বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰে।

ইউক্ৰেইনৰ সৈতে প্ৰায় ৩.৫ বছৰীয়া যুদ্ধৰ শেহতীয়া পদক্ষেপ হিচাপে পুটিনে এই উচ্চ পদস্থ সামৰিক বিষয়াজনক অপসাৰণ কৰে। এই তথ্য শুকুৰবাৰে (১৬ মে) এ এফ পি সংবাদ সংস্থা আৰু মস্কো টাইমছে পৃথক পৃথক প্ৰতিবেদনত প্ৰকাশ কৰিছে।

এএফপিয়ে জনোৱা মতে, ২০১৪ চনৰ পৰা জেনেৰেল অলেগ ছাল্যুকোভে ৰাছিয়াৰ স্থল বাহিনীৰ দায়িত্বত আছে।তেওঁ ছিৰিয়াৰ গৃহযুদ্ধ আৰু ইউক্ৰেইন আক্ৰমণৰ তদাৰক কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ চাৰি বছৰ ধৰি ডেপুটি চীফ অৱ জেনেৰেল ষ্টাফৰ দায়িত্বত আছিল।

এসপ্তাহ নৌহওঁতেই ছাল্যুকোভে বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছভৰ সৈতে নাজী জাৰ্মানীৰ বিৰুদ্ধে বিজয়ৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে ৰেড স্কোৱাৰত বিজয় দিৱসৰ সামৰিক পেৰেডৰ নেতৃত্ব দিছিল।

উল্লেখ্য যে, যোৱা বছৰৰ পৰা ৰাছিয়াৰ আইন প্ৰয়োগকাৰী সংস্থাই এক ডজনৰো অধিক সামৰিক আৰু প্ৰতিৰক্ষা বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ বহুতৰে ব্যক্তিগত স্বাৰ্থৰ বাবে বৃহৎ প্ৰকল্পৰ ধন আত্মসাৎ কৰাৰ অভিযোগো উত্থাপন হৈছে।

Related News