NORTHEAST NOW (Assamese)

চাকৰিৰ পৰা বৰ্খাস্ত কনিষ্টবলে নিজকে মৃত দেখুৱাবলৈ হত্যা কৰি জ্বলাই দিলে নিৰীহ ভিক্ষাৰীক

April 16, 2026 9:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:12 am

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশৰ এজন আৰক্ষী কনিষ্টবলে হত্যা কৰিলে এজন নিৰীহ ভিক্ষাৰীক। আৰু তেওঁৰ শৰীৰটো জ্বলাই দিলে। অভিযোগ অনুসৰি, তেওঁ নিজৰ ভুৱা মৃত্যু দেখুৱাবলৈ এই হত্যাকাণ্ড সংঘটিত কৰিছিল। ইতিমধ্যে আৰক্ষী কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ১২ মাৰ্চত সংঘটিত হৈছে এই ঘটনা।নৰ্থ ইষ্টাৰ্ণ ৰেলৱেৰ হাথৰাছ ৰোড হল্টৰ সমীপত এজন অচিনাক্ত বৃদ্ধৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ মতে, অভিযুক্তৰ নাম ৰামবীৰ সিং বুলি ঘোষণা কৰা হৈছে। তেওঁৰ বয়স ৫৫ বছৰ। ইয়াৰ পূৰ্বে অপৰাধমূলক কাৰ্যকলাপৰ বাবে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

অভিযোগ অনুসৰি, এজন ভিক্ষাৰীক হত্যা কৰি পিছত মৃতদেহটো জ্বলাই দিয়ে। হত্যাকাণ্ডৰ পিছত ৰামবীৰে নিজৰ পৰিচয় পত্ৰ আৰু কিছু সামগ্ৰী মৃতদেহৰ সন্মুখত ৰাখিছিল। কৰ্তৃপক্ষক বিভ্ৰান্ত কৰিবলৈ তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিছিল। যাতে তেওঁলোকে বিশ্বাস কৰে যে তেওঁৰ মৃত্যু হৈছে।

হাথৰাছৰ চৰকাৰী ৰে’লৱে থানাত ৰুজু হৈছে এক গোচৰ। তদন্তৰ সময়ত আৰক্ষীয়ে হত্যাকাণ্ডৰ আঁৰৰ ষড়যন্ত্ৰ উন্মোচন কৰে আৰু ১৪ এপ্ৰিলত ৰামবীৰ সিঙক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি সিং মৈনপুৰ জিলাৰ কিষ্নি অঞ্চলৰ বাসিন্দা।

জি আৰ পি হাথৰাছ ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়া সুয়াশ সিঙে কয় যে অভিযুক্তই নিজকে মৃত দেখুওৱাৰ উদ্দেশ্যেৰে এই হত্যাকাণ্ড সংঘটিত কৰিছিল। কিন্তু তদন্তৰ সময়ত আচল ঘটনা পোহৰলৈ আহে। অৱশ্যে তেওঁ কিয় ভুৱা মৃত্যুৰ দেখুৱাববিচাৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আৰক্ষীয়ে কয়, ‘তেওঁ ইয়াৰ পূৰ্বেও কেইবাটাও অপৰাধ সংঘটিত কৰিছে। তেওঁৰ বিৰুদ্ধে অপহৰণ, হত্যা, চুৰি, প্ৰতাৰণা আদি বিভিন্ন অপৰাধত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ সময়ত তেওঁ নিজেই অগ্নিদগ্ধ হৈছিল।

মৃত লোকজনৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই। ধাৰণা কৰা হয় যে তেওঁ সাধুৰ সাজ-পোছাক পৰিহিত ভিক্ষাৰী আছিল। তেওঁৰ পৰিচয় জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। এতিয়াও অধিক তদন্ত অব্যাহত আছে।

Related News