NORTHEAST NOW (Assamese)

মাজুলীত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ মোনা ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি জিলা প্ৰশাসনৰ

September 10, 2019 4:37 pm · মিটু খাটনিয়াৰ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

জনস্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক বাতাবৰণৰ সুৰক্ষাৰ স্বাৰ্থত মাজুলীৰ অতিৰিক্ত জিলা দণ্ডাধীশ নৰেণ দাসে যোৱা ৯ চেপ্তেম্বৰত ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা এক আদেশৰ জৰিয়তে তাৎক্ষণিকভাৱে সমগ্ৰ জিলাখনতে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰে।

জিলা প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞা অনুসৰি জিলাখনত এতিয়াৰে পৰা জৈৱিক-বিয়োজন সম্ভৱ নোহোৱা পুনৰাবৰ্তনীয় বা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ মোনা ব্যৱহাৰ আৰু বিক্ৰী কৰাটো সম্পূৰ্ণ ৰূপে নিষেধ হ’ব।

একেটা আদেশতে অতিৰিক্ত জিলা দণ্ডাধীশ গৰাকীয়ে এতিয়াৰে পৰা মাজুলী জিলাত ধঁপাতৰ লগতে গুটখা, শিখৰ আদি প্লাষ্টিক পেকেটত ৰখা ধঁপাতজাতীয় সামগ্ৰীৰ বেচা-কিনা আৰু ব্যৱহাৰো নিষিদ্ধ বুলি ঘোষণা কৰিছে।

প্ৰশাসনে দুয়োটা নিষেধাজ্ঞা ভংগকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অতিৰিক্ত জিলা দণ্ডাধীশগৰাকীয়ে ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনটোৰ পৰা ভাৰতত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে এক মিশ্যন শুভাৰম্ভ কৰিব।

Related News