NORTHEAST NOW (Assamese)
অসম

ক’ৰোণা ভাইৰাচক লৈ আতংকিত মাজুলী: প্ৰশাসনৰ হাই এলাৰ্ট ঘোষণা

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ March 7, 2020 3:21 pm
Story-3-24-750x375

ক’ৰনা  ভাইৰাছত আমেৰিকাৰ পৰ্যটক আক্ৰান্ত হোৱাৰ ঘটনাৰ পিছতে আতংকিত হৈ পৰিছে মাজুলীবাসী । ইতিমধ্যে মাজুলীত হাই এলাৰ্ট জাৰি কৰিছে মাজুলী জিলা প্ৰশাসনে ।

উল্লেখ্য যে ১৮ ফেব্ৰুৱাৰিত ৱাশ্বিংটনৰ পৰা লণ্ডন হৈ তেওঁ মুম্বাই পাইছিলহ। ২১ ফেব্ৰুৱাৰিত মুম্বাইৰ পৰা কলকাতালৈ, ২২ ফেব্ৰুৱাৰিত পুৱাৰ ইণ্ডিগ’ ফ্লাইটেৰে যোৰহাটলৈ আহিছিল।

২৩ ফেব্ৰুৱাৰিৰ পৰা এম ভি মহাবাহুত আৰম্ভ কৰিছিল ৰিভাৰ ক্ৰুইজ আৰু ব্ৰহ্মপুত্ৰৰ বুকুত ৭টা নিশা কটাইছিল আমেৰিকান পৰ্যটকজনে।

উল্লেখ্য, এই সময়তেই মাজুলী ভ্ৰমণ কৰি মাজুলীৰ সংস্কৃতি উপভোগ কৰিছিলহি পৰ্যটক জনে। অৱশ্যে মাজুলীত ৰাতি কটোৱা নাছিল পৰ্যটকজনে।

প্ৰতিদিনে দেশ-বিদেশৰ পৰ্যটকে ভৰি থকা মাজুলীত এতিয়া পৰ্যটকক লৈ আতংকিত হৈ পৰিছে মাজুলীবাসী।

ন’ভেল ক’ৰ’ণা ভাইৰাছ ৰোগৰ সংক্ৰমণৰ আশংকাক লৈ ইতিমধ্যে মাজুলীত সতৰ্কতা অৱলম্বনৰ ব্যৱস্থা কৰা হৈছে।

এই সন্দৰ্ভত মাজুলী জিলা প্ৰশাসনে জিলা স্বাস্থ্য বিভাগ, পৰ্যটন বিভাগ আৰু জিলাখনৰ হোটেল-ল’জ-অতিথিশালাসমূহৰ স্বত্তাধিকাৰীক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।

অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শ্ৰীনৰেণ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মাজুলীলৈ অহা প্ৰতিগৰাকী বিদেশী পৰ্যটকৰে মাজুলীত পদাৰ্পণৰ লগে লগে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা স্বাস্থ্য বিভাগ আৰু পৰ্যটন বিভাগলৈ নিৰ্দেশনা জাৰি কৰা হয়।

একেদৰে, জিলাখনত এই ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনা, আশংকা আদি দিশসমূহত নিৰন্তৰ নজৰ ৰাখিবলৈ গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী মহকুমা অসামৰিক চিকিৎসালয়ত এটা নিয়ন্ত্ৰণ কক্ষ আৰু সন্দেহজনক আক্ৰান্ত লোকক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰিবলৈও স্বাস্থ্য বিভাগক জিলা প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ দিয়া হয়।

তদুপৰি, হোটেল-ল’জ-অতিথিশালাসমূহকো বাহৰ পতা বিদেশী পৰ্যটকসকলক ‘মাস্ক’ আগবঢ়াবলৈ দিহা দিয়া হয়।

বৈঠকত জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত শ্ৰীপলাশ ৰঞ্জন আহোম আৰু সহকাৰী আয়ুক্ত শ্ৰীমতী হিমাদ্ৰী বৰাৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া-চিকিৎসকসকল উপস্থিত থাকে।