NORTHEAST NOW (Assamese)
অসম

তামিল চলচ্চিত্ৰ আৰু ৰাজনীতিৰ অবিসম্বাদী তাৰকা বিজয়কান্তৰ দেহাৱসান; আক্ৰান্ত হৈছিল কোভিডত

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 28, 2023 12:10 pm

তামিল অভিনেতা তথা ৰাজনীতিবিদ বিজয়কান্তৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। কোভিড আক্ৰান্ত হোৱাৰ বাবে তেওঁক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

তামিল চলচ্চিত্ৰ জগতৰ এসময়ৰ তাৰকাগৰাকী নিউমোনিয়া ৰোগত আক্ৰান্ত হৈছিল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে তেওঁক ‘ভেন্টিলেটৰ চাপৰ্ট চিষ্টেম’লৈ প্ৰেৰণ কৰা হয়। বৃহস্পতিবাৰে পুৱা সেই চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত ডিএমডিকেৰ প্ৰতিষ্ঠাপকজনৰ মৃত্যু হয়।

অনুৰাগীসকলৰ মাজত বিজয়কান্ত ‘কেপ্তেইন’ হিচাপে পৰিচিত। ইয়াৰ পূৰ্বে যোৱা নৱেম্বৰ মাহত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈছিল। পিছত সুস্থ হৈ ঘৰলৈ উভতি আহে। কিন্তু এইবাৰ কোভিড আৰু নিউমোনিয়াত পৰাস্ত হ’ল তামিল জগতৰ কেপ্টেইন।

লগতে পঢ়কঃ ভয়ংকৰ পথ দুৰ্ঘটনা! ড্ৰাম্পাৰৰ সৈতে বাছৰ সংঘৰ্ষত জ্বলি উঠিল বাছ; ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৩ জন যাত্ৰীৰ

চেলুলয়ডত তেওঁৰ জনপ্ৰিয়তা দেখি তামিলনাডুৰ চলচ্চিত্ৰ জগতখনে নব্বৈৰ দশকৰ আৰম্ভণিতে বিজয়কান্তক প্ৰয়াত মুখ্যমন্ত্ৰী তথা এডিএমকেৰ প্ৰতিষ্ঠাপক এম জি ৰামচন্দ্ৰনৰ সৈতে তুলনা কৰিছিল। নাম দিয়া হৈছিল ‘শ্যামলা এম জি আৰ’। তেওঁ ১৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।

ডি এম কে আৰু এ ডি এম কেক ‘দুটা মেৰু’ত বিভক্ত কৰা দ্ৰাবিড় ৰাজনীতিত বিজয়কান্তই সফলতাৰে তৃতীয় ‘মেৰু’ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ২০০৫ চনত নতুন দল ডি এম ডি কে গঠন কৰি ৰাজনীতিত প্ৰৱেশ কৰে। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত ডিএমডিকে মাত্ৰ ১খন আসন লাভ কৰাৰ পিছতো ৮ শতাংশতকৈ অধিক ভোট লাভ কৰিছিল।

২০১১ চনত ডিএমডিকে-ই এডিএমকে নেত্ৰী জয়াললিতাৰে হাত মিলাই ২৯খন আসন লাভ কৰিছিল। কল্লাকুৰিচি জিলাৰ ঋষিবন্দ্যম সমষ্টিত বিজয়কান্ত জয়ী হয়। ইয়াৰ পিছত জয়াললিতাৰ সৈতে মিত্ৰতা ভংগ কৰাৰ বাবে বিজয়কান্ত বিধানসভাত বিৰোধী দলৰ নেতা হয়। সূত্ৰ অনুসৰি, সেই সময়ত “আম্মা”ই উপ-মুখ্যমন্ত্ৰী পদ দিবলৈ সন্মত নোহোৱাত “কেপ্তেইন”য়ে মিত্ৰতা ভংগ কৰে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজয়কান্তই বিজেপি আৰু কিছুমান সৰু সৰু দলৰ সৈতে মিত্ৰতা কৰিছিল। সেই নির্বাচনত কৰুণানিধিৰ ডি এম কেক পিছ পেলাই তামিলনাডুত জয়ললিতাৰ প্রধান প্রতিদ্বন্দ্বী হৈ উঠিছিল ‘কেপ্তেইন’ৰ মিত্রজোঁট৷

কিন্তু তাৰ পিছত বিজয়কান্তই বিজেপি এৰি পত্নী প্ৰেমলতাৰ ‘পৰামৰ্শ’ত বাওঁপন্থীৰ সৈতে হাত মিলাইছিল বুলি তেওঁৰ অনুগামীসকলে দাবী কৰে। সেই ভোটত ডিএমডিকে বিধ্বস্ত হৈছিল। প্ৰতিষ্ঠাপককে ধৰি দলৰ সকলো প্ৰাৰ্থী পৰাজিত হয়। ভোটাৰৰ ভোটদানৰ হাৰ ডেৰ-দুই শতাংশলৈ হ্ৰাস পায়। তাৰ পিছত চেষ্টা কৰিও ‘শ্যামলা এম জি আৰ’ তামিল ৰাজনীতিৰ মূলসুঁতিলৈ আৰু ঘূৰি আহিব নোৱাৰিলে।