NORTHEAST NOW (Assamese)
অসম

DNLA Rebels To Surrender Arms আজি মাইবাঙত অস্ত্ৰ সম্বৰণ কৰিব ডিএনএলএ উগ্ৰপন্থী সদস্যই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2021 10:40 am
WhatsApp Image 2021-11-13 at 10.13.00 AM

DNLA rebels to surrender arms বিদ্ৰোহী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি (ডিএনএলএ)ৰ সদস্যই শনিবাৰে ডিমা হাছাও জিলাৰ মাইবাঙত অস্ত্ৰ সম্বৰণ কৰিব।

যোৱা মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিএএলএ উগ্ৰপন্থী আৰু অসম চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল।  

চুক্তি অনুসৰি, বিদ্ৰোহী সংগঠনটোৰ সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰি মুলসুঁতিত যোগদান কৰিব।

বাতৰি অনুসৰি শনিবাৰে মাইবাঙৰ খেপৰেৰ এখন খেলপথাৰত এক অনুষ্ঠানত সদস্যসকলে তেওঁলোকৰ অস্ত্ৰসমূহ সমপৰ্ণ কৰিব।

এই অস্ত্ৰ সম্বৰণ অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ উপস্থিত থাকিব।

Also Read: ৰাজ্যৰ ৫গৰাকী যুৱতী-বোৱাৰীৰ আলফা স্বাধীনত যোগদানক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ

ডিমা হাছাওৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে কয় যে ৰাজ্য চৰকাৰৰ সৈতে ডিএনএলএ-ই স্বাক্ষৰ কৰা চুক্তি অনুসৰিয়েই শনিবাৰে তেওঁলোকে আনুষ্ঠানিকভাৱে তেওঁলোকৰ অস্ত্ৰসমূহ সমৰ্পন কৰিব।

ইপিনে, কিমান সংখ্যক ডিএনএলএ সদস্যই অস্ত্ৰ সম্বৰণ কৰিব সেয়া আজিহে গম পোৱা যাব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।