NORTHEAST NOW (Assamese)
Popular Stories

হোৱাটছ্এপ ব্যৱহাৰত সতৰ্ক হওক; নিম্নোক্ত চাৰিটা ভুল কেতিয়াও নকৰিব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2020 12:34 pm
হোবাটছএপ

হোৱাটছ্এপ হৈছে আমাৰ দৈনন্দিন জীৱনৰ অতি লাগতিয়াল এটি অনলাইন যোগাযোগৰ মাধ্যম। আমাৰ পাত্যহিক জীৱনৰ পৰা হোৱাটছ্এপক বাদ দিব নোৱাৰি। তলত উল্লেখ কৰা চাৰিটা কথা মন নকৰিলে আপুনি হোৱাটছ্এপৰ যোগে সমস্যাত পৰিব পাৰে। কাৰণ হোৱাটছ্পৰ আপোনাৰ কিছুমান ব্যক্তিগত ইনফ’ৰ্মেশ্যন লাভ কৰি কিছু চতুৰ তথা দুষ্ট প্ৰকৃতিৰ লোকে আপোনাৰ ক্ষতি কৰিব পাৰে।

হোৱাটছ্এপত অচিনাকী মানুহক আদৰি নল’ব

যিবোৰ লোকৰ সৈতে আপোনাৰ যোগাযোগ নাইকিয়া হৈ গৈছে তেনে লোকৰ নম্বৰবোৰ ফোনৰ কন্টেক লিষ্টৰপৰা ৰিম’ভ কৰি থাকিব। যদি আপোনাৰ তেনে কোনো লোকৰ সৈতে যোগাযোগ কৰিবলগীয়া হ’লেও হোৱাটছ্এপৰ সৈতে নকৰিব।

প্ৰফাইল ফ’টোত অধিক ইনফ’ৰ্মেশ্যন প্ৰকাশ নকৰিব

প্রফাইল ফ’টো হিচাপে এখন সাধাৰণ ফ’টো ৰাখক। প্ৰফাইল ফ’টোত আপেনাৰ পৰিয়ালৰ অন্য লোকসকল থকা উচিত নহয়। কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ ফোনৰ কন্টেক লিষ্ট থকাত সকলোৱে আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব পাৰিব।

ভেৰিফিকেচন পিন নম্বৰটো নিৰাপদ কৰি ৰাখক

ভেৰিফিকেচন পিনটোৱে আপোনাক চিম কাৰ্ড প্ৰৱঞ্চকৰ পৰা সুৰক্ষিত কৰি ৰাখে। অন্য লোকৰ ফোনত কেতিয়াও আপোনাৰ হোৱাটছ্এপ একাউন্ট নুখুলিব।

ষ্টেটাছবোৰ ৰাজহুৱা কৰি শ্বেয়াৰ নকৰিব

যদি আপুনি হোৱাটছ্এপ ষ্টেটাছ শ্বেয়াৰ কৰে, তেনে সেয়া ৰাজহুৱাকৈ নকৰিব। তেওঁলোকৰ সৈতেহে শ্বেয়াৰ কৰক যিসকলক আপুনি ভালকৈ জানে বা চিনি পায়।