NORTHEAST NOW (Assamese)

বিশ্বত্ৰাস সৃষ্টিকাৰী ক’ৰ’না ভাইৰাছ আকাৰত কিমান ডাঙৰ?

March 23, 2020 9:02 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাইছে ক’ৰ’না ভাইৰাছে।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো নিতৌ নতুন নতুন আক্ৰান্ত লোক চিনাক্ত হৈ থকাৰ লগতে মৃত্যুও হৈছে বহু আক্ৰান্তৰ।

চীনত আবিৰ্ভাৱ ঘটা এই ভাইৰাছে চীনৰ পিছত মৃত্যুৰ উপত্যকাত পৰিণত কৰিছে ইটালীক। স্পেইন, ফ্ৰান্স, ইৰাণ আদিতো বিভীষিকাৰ সৃষ্টি কৰিছে ক’ৰ’না ভাইৰাছে।

ভাৰতবৰ্ষতো ইতিমধ্যে ৭ জন আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত সংখ্যাই ৩০০ অতিক্ৰম কৰিছে।

সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱা এই ভাইৰাছ বিধ আকাৰত কিমান ডাঙৰ?

ইয়াকে লৈ বিশ্বৰ বিভিন্ন বিজ্ঞানীৰ মাজত গৱেষণা আৰু চৰ্চা চলিব ধৰিছে।

বিশ্বৰ মাইক্ৰ’বাইলজিষ্টসকলে ক’ৰ’না ভাইৰাছৰ আকাৰ সন্দৰ্ভত কিছুমান নতুন তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।

মানুহৰ সংস্পৰ্শ বা কাঁহ আৰু হাঁচি দ্বাৰা নিকট দূৰত্বত অৱস্থা কৰি থকা এজন আক্ৰান্তৰ পৰা অন্য এজনলৈ অন্য ভাইৰাছতকৈ এই ভাইৰাছে খুব দ্ৰুত গতিত সংক্ৰমণ ঘটা দেখা গৈছে।

ইবলা ভাইৰাছ চিনাক্ত কৰা পিটাৰ পিয়ট নামৰ বেলজিয়ান মাইক্ৰ’বায়ল’জিষ্টজনে Covid-19 নামৰ এই ভাইৰাছবিধক আটাইতকৈ বেছি ভয়ানক আৰু ক্ষতিকৰ বুলি অভিহিত কৰিছে।

গৱেষকসকলৰ মতে ন’ভেল ক’ৰ’না ভাইৰাছ আকাৰ হৈছে প্ৰ’টিনৰ সৰু কোষ এটাৰ বলৰ সমান আকৃতিৰ।

Related News