NORTHEAST NOW (Assamese)

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 26, 2026 10:08 pm

জোতা আৱিষ্কাৰ হোৱাৰ আগতে মানুহে খালী ভৰিয়েই খোজ কাঢ়িছিল। সেয়েহে খালী ভৰিৰে খোজ কঢ়া কথাটো শুনি আচৰিত হ’বলগীয়া একো নাই। প্ৰাচীন কালৰ এই সাধাৰণ কথাটোক আজিকালি বিভিন্ন দেশত শৰীৰচৰ্চাৰ এক বিশেষ অংগ হিচাপে লোৱা হৈছে। শেহতীয়াকৈ এই পদ্ধতিৰ প্ৰতি মানুহৰ আগ্ৰহ বহুত বাঢ়িছে। কাৰণ, চিকিৎসাসকলৰ মতে অসমান শিলগুটিৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ বিভিন্ন পেশী আৰু স্নায়ু সক্ৰিয় হৈ পৰে।

সমান ৰাস্তাতকৈ শিলগুটিৰ ওপৰত খোজ কাঢ়িলে ভৰিৰ সৰু পেশীবোৰে বেছি কাম কৰিবলগীয়া হয়। ইয়াৰ ফলত ভৰিৰ শক্তি লাহে লাহে বাঢ়িবলৈ ধৰে। যিসকল লোকে নিয়মীয়াকৈ পাহাৰ বগায় বা ওখ-খলা ৰাস্তাত খোজ কাঢ়ে, তেওঁলোকৰ বাবেও এই অভ্যাস বহুত উপকাৰী। ইয়াৰ উপৰিও এই ধৰণৰ খোজকঢ়া অভ্যাসে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাতো সহায় কৰে। অসমান মাটিত প্ৰতিটো খোজ পেলাওঁতে শৰীৰে নিজৰ ভাৰসাম্য বজাই ৰাখিবলগীয়া হয়। ইয়াৰ ফলত ভৰি, গোৰোহা আৰু শৰীৰৰ আন অংশৰ মাজত যোগাযোগ ভাল হয়। বিশেষকৈ বয়স বঢ়াৰ লগে লগে এই পদ্ধতিত খোজ কাঢ়িলে শৰীৰৰ ভাৰসাম্য উন্নত হয়।

শিলগুটিৰ ওপৰত খোজ কাঢ়িলে ভৰিৰ পেশীৰ নমনীয়তা বাঢ়িব পাৰে। সদায় সমান মজিয়া বা ৰাস্তাৰ ওপৰত খোজ কাঢ়ি থাকিলে ভৰিৰ চলন একে ধৰণৰ হৈ পৰে। কিন্তু অসমান ঠাইত খোজ কাঢ়িলে ভৰিৰ পেশী আৰু গাঁঠিবোৰ বেছিকৈ লৰচৰ কৰিবলগীয়া হয়, যিয়ে ভৰিৰ স্বাভাৱিক নমনীয়তা বজাই ৰাখে। লগতে ভৰিৰ তেজৰ চলাচল সুচল হয়। খালী ভৰিৰে শিলগুটিৰ ওপৰত থিয় হ’লেই ভৰিৰ তলুৱাৰ অসংখ্য স্নায়ু সক্ৰিয় হৈ পৰে। প্ৰথম অৱস্থাত বেজীৰে বিন্ধা যেন লাগিব পাৰে যদিও লাহে লাহে ভৰিয়ে এই স্পৰ্শৰ লগত খাপ খাই পৰে। স্নায়ুৰ এই সক্ৰিয়তাই শৰীৰৰ অৱস্থানৰ বিষয়ে মগজুলৈ বাৰ্তা পঠিয়ায় আৰু মগজুৰ কৰ্মক্ষমতাও বৃদ্ধি কৰে।

অৱশ্যে সকলোৰে বাবে এই অভ্যাস একেদৰে উপকাৰী নহ’বও পাৰে। ডায়েবেটিছ ৰোগীসকলে ভৰি আৰু ভৰিৰ তলুৱাৰ বিশেষ যত্ন লোৱাটো দৰকাৰ। সেয়েহে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ তেওঁলোকে নিজাববীয়াকৈ এই অভ্যাস কৰা উচিত নহয়। ইয়াৰ উপৰিও যিসকল লোকৰ বাতবিষ বা হাড়ৰ গাঁঠিৰ সমস্যা আছে, তেওঁলোকো সাৱধান হোৱা উচিত। তেওঁলোকৰ ক্ষেত্ৰত এই খালী ভৰিৰে শিলগুটিত খোজ কঢ়া অভ্যাসে ৰোগ বেছি গুৰুতৰ কৰি তোলাৰ সম্ভাৱনা থাকে।

Related News