NORTHEAST NOW (Assamese)

সংগমৰ আগত বা পিছত প্ৰস্ৰাৱ কৰে নেকি? কৰিব লাগে নে নালাগে? জানো আহক

September 26, 2023 8:20 pm · এন ই নাও নিউজ, গুৱাহাটী

যৌন সম্পৰ্ক হৈছে সকলো প্ৰাণীৰে এক স্বভাৱজাত প্ৰবৃত্তি। বিশেষকৈ বিবাহিত দম্পতী আৰু প্ৰেমিক-প্ৰেমিকাৰ বাবে যৌনতা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। 

যৌনতা এটা স্বাভাৱিক প্ৰক্ৰিয়া হ’লেও যৌনতাৰ লগত বিভিন্ন স্বাস্থ্যজনিত বিষয় জড়িত হৈ আছে। এটা সুস্থ যৌন সম্পৰ্কই এটা সুস্থ শৰীৰ আৰু মন উপহাৰ দিব পাৰে। 

কিন্তু যৌন সম্পৰ্কৰ পৰা লাভান্বিত হ’বলৈ হ’লে কিছুমান বিশেষ কথাৰ সম্পৰ্কে জ্ঞান থকাটো অতি দৰকাৰ। সুস্থ যৌন সম্পৰ্ক কিদৰে গঢ়িব লাগে সেই বিষয়ে নাজানিলে যৌনতাৰ পৰা উপকাৰ লাভ কৰাৰ বিপৰীতে সমস্যাৰ হে সৃষ্টি হ’ব পাৰে। সেয়ে, যৌন সম্পৰ্ক গঢ়োতা সকলে যৌন সম্পৰ্কৰ সুস্থতা আৰু বিজ্ঞানভিত্তিক নিয়ম সম্পৰ্কে জানি লোৱাটো অতি দৰকাৰী। 

কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল যৌনতা আৰু সুস্থ যৌন সম্পৰ্কৰ বিষয়ে কোনেও মুকলিকৈ কথা ক’বলৈ বা আলোচনা কৰিবলৈ নিবিচাৰে। 

বেংগালুৰুৰ কাবেৰী হাস্পতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ দিব্য আৰ-এ যৌন সম্পৰ্কৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছে। ইয়াৰ ভিতৰত তেখেতে যৌন সম্পৰ্ক আৰু প্ৰস্ৰাৱৰ বিষয়ে এক গুৰুত্বপূৰ্ণ কথা আগবঢ়াইছে। 

আমাৰ বহুতেই যৌন সম্পৰ্কৰ আগত, পিছত আৰু সময়ত প্ৰস্ৰাৱ ত্যাগ কৰে। কিন্তু ইয়াৰ লগত যৌন স্বাস্থ্যৰ কিছুমান গুৰুত্বপূৰ্ণ কথা জড়িত হৈ আছে। 

ডাঃ দিব্য আৰ-এ কয় যে, সংগমৰ আগত আৰু পিছত দুয়োজনে সংগীয়ে প্ৰস্ৰাৱ কৰিব লাগে। মূত্ৰাশয়ত প্ৰস্ৰাৱ জমা হ’লে কিছুমান বীজাণু ৰৈ যায়, যৌন সংগমৰ সময়ত সেইবোৰ বীজাণু ইজনৰ পৰা সিজনৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে।

যৌন সম্ভোগৰ আগত আৰু প্ৰস্ৰাৱ নকৰিলে প্ৰস্ৰাৱৰ সংক্ৰমণে দেখা দিয়াৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষকৈ মহিলাসকলৰ ইউটিআই বা প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা অধিক বৃদ্ধি পায়। গতিকে সম্ভোগৰ পূৰ্বে আৰু সম্ভোগৰ  পিছত দুয়োজনে মূত্ৰাশয় খালী কৰি প্ৰস্ৰাৱ কৰাতো স্বাস্থ্যৰ বাবে অতিকৈ জৰুৰী।

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে যৌন সম্পৰ্ক কৰোতে মনত ৰাখিব এই কেইটা কথা

কেৱল এয়াই নহয়, যৌন সম্পৰ্কৰ সময়ত নিৰোধ(কনডম) ব্যৱহাৰ  কৰিব লাগে। ই প্ৰস্ৰাৱৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে অন্যান্য ৰোগৰ সংক্ৰমণৰ পৰাও দুয়োজনকে ৰক্ষা কৰে। লগতে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা বাচি থকাৰ বাবেও কনডম আটাইতকৈ উত্তম প্ৰতিৰোধক।

ইয়াৰ লগতে ডাঃ দিব্য আৰ-এ উল্লেখ কৰে যে, যৌন সম্পৰ্ক কৰাৰ আগত আৰু পিছত যৌনাংগ ভালকৈ পৰিস্কাৰ কৰাতো অতি জৰুৰী। কিয়নো, আমাৰ যৌনাংগ অনবৰতে আবুৰত থকাৰ বাবে ই ঘামি থাকে। ঘামৰ বাবে যৌনাংগত মলি বা বিভিন্ন বেক্টেৰীয়াই ঠাই লয়। ইয়াৰ উপৰিও শৌচ প্ৰস্ৰাৱ কৰাৰ সময়তো যৌনাংগত বিভিন্ন বেক্টেৰীয়াই ঠাই লয়। সেয়েহে, যৌন সম্পৰ্ক কৰাৰ আগত ভালদৰে যৌনাংগ পৰিস্কাৰ কৰি ধুই ল’ব লাগে। তদুপৰি যৌন সম্পৰ্কৰ পিছতো পুৰুষৰ লিংগ আৰু মহিলাৰ যোনি ভালদৰে পৰিস্কাৰ কৰিব লাগে যাতে ইজনৰ যৌনাংগত থকা বীজাণু আনজনৰ শৰীৰলৈ বিয়পি নাযায়। 

সুস্বাস্থ্যৰ বাবে পৰিস্কাৰ-পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ। যিকোনো ধৰণৰ পৰিস্কাৰ-পৰিচ্ছন্নতাই আমাৰ সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে। বিশেষকৈ যৌনতা তথা যৌনাংগৰ দৰে সংবেদনশীল বিষয়ত সুস্বাস্থ্য বৰ্তাই ৰখাৰ বাবে পৰিস্কাৰ-পৰিচ্ছন্নতা অতি জৰুৰী।

লগতে পঢ়কঃ ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

Related News