NORTHEAST NOW (Assamese)

যুৱতী ৰোগীক শাৰীৰিক দুৰ্ব্যৱহাৰ কৰা চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু

May 13, 2020 6:45 pm · ৰূপজ্যোতি মহন্ত
Updated: May 13, 2020 6:49 pm

সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ৰ’নাতংকই বিৰাজ কৰি থকাৰ সময়তে এজন চিকিৎসকৰ বিৰুদ্ধ উঠিছে গুৰুতৰ অভিযোগ।

অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানত  ৫০ বৰ্ষীয় এজন চিকিৎসকে এগৰাকী ১৯ বৰ্ষীয় যুৱতী ৰোগীক শাৰীৰিক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগমতে বোকাজান অসমাৰিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ শ্বেইখ আহমেদ আলি কাদাৰিয়াই নিজৰ চেম্বাৰত জ্বৰ আৰু কাহত ভোগা যুৱতী ৰোগী গৰাকীক অসৎ ব্যৱহাৰ কৰে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে বোকাজান আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।

“চেম্বাৰত চিকিৎসকজন অকলে আছিল আৰু যুৱতীগৰাকীক ষ্টেচাৰত শুবলৈ দিয়ে। স্বাস্থ্য পৰীক্ষা কৰাৰ অজুহাতত যুৱতী গৰাকীৰ শৰীৰৰ আপত্তিজনক স্থানত স্পৰ্শ কৰি অত্যাচাৰ কৰে চিকিৎসকজনে। যুৱতী গৰাকীয়ে এই বিষয়ে হাস্পতালৰ অন্যান্য কৰ্মচাৰীক অৱগত কৰে আৰু তেওঁলোকে আমাক খবৰ দিয়ে।” স্থানীয় আৰক্ষী বিষয়া গৰাকীয়ে কয়।

“নিয়ম অনুসাৰে মহিলা ৰোগীক পুৰুষ চিকিৎসকে স্বাস্থ্যৰ পৰীক্ষা কৰাৰ সময়ত লগত এগৰাকী পৰিচাৰিকা বা কৰ্মচাৰী থাকিব লাগে।” আৰক্ষী বিষয়াগৰাকীয়ে কয়।

কিন্তু চিকিৎসকজনে যুৱতী ৰোগী গৰাকীৰ ক্ষেত্ৰত এই নিয়ম ভংগ কৰিছিল।

“চিকিৎসকজনে এই নিয়ম উলংঘা কৰি অপৰাধ কৰিছে। ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৫৪ ধাৰাত চিকিৎসকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে। কাইলৈ চিকিৎসকজনক মহামান্য আদালত হাজিৰ কৰোৱা হ’ব। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

Related News