NORTHEAST NOW (Assamese)

মোবাইল ফোনটো চাৰ্জত দি শুই থকাই হ’ল কাল! বিস্ফোৰণত মৃত্যু ঘটিল চিকিৎসকৰ…

September 28, 2024 12:46 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

ফোন চাৰ্জিং সন্দৰ্ভত বহুতৰে ভুল অভ্যাস আছে। বহুতে গোটেই ৰাতি ফোনটো চাৰ্জত দি থয়। বিভিন্ন ফোন নিৰ্মাতা কোম্পানীয়ে এই সন্দৰ্ভত বাৰে বাৰে সকীয়াই দিছে। কিন্তু বহুতে সেই কথা নুশুনে। তাৰ পৰিণাম ভুগিবলগীয়া হ’ল এগৰাকী চিকিৎসকে। বাংলাদেশৰ মৈমনসিংত বিচনাত চাৰ্জত দি ৰখা মোবাইল বিস্ফোৰণত দগ্ধ হৈ মৃত্যু হয় এগৰাকী চিকিৎসকৰ।

মৃত চিকিৎসকজনৰ নাম তাৰিকুল আলম নোমান (৪২)। তেওঁ মৈমনসিং মেডিকেল কলেজ হস্পিতালৰ অৰ্থপেডিক বিভাগত অধ্যাপনা কৰে। তেওঁৰ ঘৰটো মৈমনসিং চহৰৰ জমিৰ মুন্সি লেন অঞ্চলত।

তেওঁৰ পৰিয়ালৰ লোকে জনোৱা মতে, তাৰিকুল কৰ্তব্যৰ অন্তত নিশা প্ৰায় ১ বজাত ঘৰলৈ উভতি আহে। বিচনাৰ কাষতে ফোনটো চাৰ্জত থৈ শুই আছিল। তাৰ পিছত তেওঁৰ ফোনটো বিস্ফোৰণ ঘটি তেওঁ অগ্নিদগ্ধ হ’ল। ৰাতিপুৱা প্ৰায় ৪ বজাত যেতিয়া তেওঁৰ ঘৰৰ পৰা জ্বলনৰ গোন্ধ আহিল, তেতিয়া পৰিয়ালৰ লোকে দুৱাৰখন খুলি দেখে তাৰিকুল ইছলাম পৰি আছে। তেওঁৰ হাত, বুকু, নাক আৰু মুখ জ্বলি গৈছে। সেই অৱস্থাত তেওঁক উদ্ধাৰ কৰি মৈমনসিং মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

লগতে পঢ়কঃ ভাৰতত বৃদ্ধি পাইছে নতুন প্ৰকাৰৰ কৰ্কট ৰোগ; চিন্তা ব্যক্ত কৰিছে চিকিৎসা বিজ্ঞানীসকলে

উল্লেখ্য যে এটা ফোন নিৰ্মাতা কোম্পানীয়ে ৰাতি ফোন চাৰ্জ দিয়াৰ ক্ষেত্ৰত কেইবাটাও পৰামৰ্শ দিছিল। বিশেষকৈ কাষত ফোন চাৰ্জ দি শুই থকা সকলক। এই প্ৰৱণতাৰ পৰা উদ্ভৱ হ’ব পৰা বিপদৰ বিষয়ে তেওঁলোকে নিজৰ আশংকা প্ৰকাশ কৰিছিল।

কোৱা হৈছিল যে চাৰ্জিং কেবলৰ কাষত শুই থাকিলে জুই, বিদ্যুৎস্পৃষ্ট, ফোন ক্ষতি হ’ব পাৰে। মুকলি ঠাইত ফোনটো চাৰ্জ দিলে সম্ভাৱ্য বিপদৰ পৰা হাত সাৰিব পাৰি। তদুপৰি, ব্যৱহাৰকাৰীয়ে চাৰ্জ কৰা ফোনটো আঠুৱা বা কম্বলৰ তলত ৰাখিব নালাগে বুলিও তেওঁলোকে অৱগত কৰিছিল। কাৰণ চাৰ্জত থকাৰ সময়ত ফোনটো বৰ গৰম হৈ পৰে। ফলত তেওঁলোকে মাৰাত্মক বিপদৰ সন্মুখীন হ’ব পাৰে।

Related News