NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ কমাৰগাঁওত আৰক্ষী বেটেলিয়নৰ জোৱানৰ আক্ৰমণত গুৰুতৰভাৱে আহত চিকিৎসক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 1, 2021 6:52 am
FB_IMG_1609427972110

বোকাখাত মহকুমাৰ কোভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ নডেল বিষয়াৰ দায়িত্বত থকা ডাঃ সমীপজ্যোতি বৰাক কমাৰগাওঁত সুৰাসক্ত আৰক্ষী বেটেলিয়নৰ দুজন জোৱানে বৃহস্পতিবাৰে সন্ধিয়া আক্ৰমণ কৰি গুৰতৰভাৱে আহত কৰে।

বেটেলিয়নৰ জোৱানৰ আক্ৰমণত গুৰতৰভাৱে আহত হোৱা ডাঃ সমীপজ্যোতি বৰা সম্প্ৰতি গোলাঘাটত চিকিৎসাধীন হৈ আছে।

গাড়ী ৰখোৱাৰ সামান্য কথাক লৈ হোৱা বিতৰ্কতে কমাৰগাওঁত চিকিৎসকজনক শাৰীৰিকভাৱে আক্ৰমণ কৰে অমল দাস আৰু অমৃত কোঁৱৰ নামৰ একাদশ বেটেলিয়নৰ জোৱান দুজনে।

ঘটনাৰ পাছতে স্থানীয় লোকে কমাৰগাওঁ আৰক্ষী থানা ঘেৰাও কৰে।

অভিযুক্ত জোৱান দুজনক বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

আনহাতে, আহত চিকিৎসকজনক বোকাখাতত প্ৰাথমিক চিকিৎসাৰ পাছত গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাৰ পাছতে আৰক্ষী জোৱান অমল দাস আৰু অমৃত কোঁৱৰক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে বুলি বোকাখাত মহকুমা আৰক্ষী বিষয়াই জানিবলৈ দিছে।