NORTHEAST NOW (Assamese)
অসম

চিকিৎসকক আক্ৰমণ: বিশ্বনাথত চিকিৎসক-চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি পালন

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম June 2, 2021 1:50 pm
cc

লংকাত কৰ্মৰত চিকিৎসকক আক্ৰমণ কৰাৰ প্ৰতিবাদ জনাই আজি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতি পালন কৰিছে।

লংকাৰ উদালীত চিকিৎসক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত এই কৰ্মবিৰতি পালন কৰিছে।
কেৱল জৰুৰীকালীন সেৱা সমূহৰ বাহিৰে বহি:বিভাগৰ সকলো চিকিৎসা সেৱা বন্ধ হৈ পৰিছে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ।

অসম চিকিৎসা সেৱা সন্থাৰ সিদ্ধান্ত ক্ৰমে চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে চিকিৎসকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে প্ৰতিবাদী চিকিৎসকসকলে।