NORTHEAST NOW (Assamese)
Popular Stories

এবছৰত খাইছিল ৬২খন চামুচ; অস্ত্ৰোপচাৰ কৰিবলৈ লৈ চকু কপালত উঠিল চিকিৎসকৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 1, 2022 11:06 am

Doctors remove 62 steel spoons from man’s stomach চিকিৎসকসকলে প্ৰায়ে অদ্ভুত ঘটনাৰ সাক্ষী হ’ব লগা হয়। এইবাৰ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ চিকিৎসকসকলে পুনৰ এবাৰ আন এক আচৰিত ঘটনাৰ সাক্ষী হ’ব লগা হ’ল। সেই জিলাৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পিছত এজন ৰোগীৰ পেটৰ পৰা ওলাল ৬২খন চামুচ। সেয়া দেখি স্বাভাৱিকতে চকু কপালত উঠিল চিকিৎসকৰ।

জানিব পৰা গৈছে যে অস্ত্ৰোপচাৰৰ পিছত বিজয় নামৰ ব্যক্তিজনক বৰ্তমান আইচিইউত ৰখা হৈছে।

অস্ত্ৰোপচাৰ কৰা চিকিৎসক ডাঃ ৰাকেশ খুৰানাই কয় যে ৰোগীজনে যোৱা বছৰত প্ৰায় ৬২খন ষ্টীলৰ চামুচ খাইছিল। ডাঃ খুৰানাই লগতে জনায় যে ৰোগীজনক যেতিয়া  এই বিষয়ে সোধা হৈছিল তেওঁ কৈছিল যে তেওঁ এই চামুচবোৰ নিজে খাইছিল।

জানিব পৰা মতে, যুৱকজন দীৰ্ঘদিন ধৰি পেটৰ বিষত ভুগি আছিল। পিছত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হোৱাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱস্থাটো সংকটজনক দেখি চিকিৎসকে বিজয়ক চিকিৎসালয়ত ভৰ্তি কৰায়।

চিকিৎসকসকলে অনুমান কৰিছিল যে তেওঁৰ পেটত কিবা এটা আছে যাৰ ফলত এই অৱস্থা হৈছে। তাৰ পিছত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হয়। অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ পাকস্থলীৰ পৰা ৬২ চামুচ ওলায়।

চিকিৎসকসকলে জানিবলৈ দিয়ে যে অস্ত্ৰোপচাৰটো কৰিবলৈ প্ৰায় ২ ঘণ্টা সময় লৈছে। ডাঙৰ ডাঙৰ চামুচবোৰ কেনেকৈ খালে সেই বিষয়ে ভাবি চিকিৎসকসকলো আচৰিত হৈছে।

এক সূত্ৰৰ মতে, বিজয়ৰ পৰিয়ালে দাবী কৰিছে যে যুৱকজনক নিচা-মুক্তি কেন্দ্ৰত বলপূৰ্বক চামুচ খুৱাই দিয়া হৈছিল। অভিযোগ অনুসৰি বিজয় প্ৰায় এমাহ ধৰি নিচা-মুক্তি কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল। তাৰ পিছত তেওঁৰ অৱস্থা অধিক অৱনতি হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে পৰিয়ালটোৰ ফালৰ পৰা কোনো অভিযোগ কৰাৰ কথা জানিব পৰা হোৱা নাই।

এনে ঘটনা ভাইৰেল হ’বলৈ বেছি সময় নালাগিল। খবৰটো মানুহৰ মুখত পৰি বিয়পি পৰিছে। যুৱকজনে কিয় চামুচ খাবলৈ আৰম্ভ কৰিছিল সেয়া বহুতৰ বাবে এক সাঁথৰ হৈ পৰিলেও অপাৰেচন টেবুলৰ পৰা লোৱা চামুচৰ ছবি এতিয়া ভাইৰেল হৈ পৰিছে।