NORTHEAST NOW (Assamese)
Popular Stories

ঋণৰ ভৰসাতে চলিছে হিমন্ত চৰকাৰ! পুনৰ ৫০০ কোটিৰ লোন ল’ব ‘মামা’ই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2025 9:36 am

সমুখত পঞ্চায়ত নিৰ্বাচন! নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক আঁচনিৰ ধন দিয়াৰ স্বাৰ্থত পুনৰ ঋণ লোৱাৰ প্ৰস্তুতি দক্ষ তথা কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। ভোটৰ অংক মিলোৱাৰ স্বাৰ্থত ২৮ জানুৱাৰীত পুনৰ পাঁচশ কোটি টকা ঋণ ল‘বলৈ উদ্যত দিছপুৰ।

ঋণ লাভৰ বাবে অসম চৰকাৰে ভাৰতীয় বিজার্ভ বেংকৰ ওচৰত এক প্রস্তাৱ দাখিল কৰিছে। নববর্ষৰ প্ৰথম সপ্তাহতে অর্থাৎ চলিত বৰ্ষৰ ৭ জানুৱাৰীত ৫০০ কোটি টকা ঋণ লোৱা অসম চৰকাৰে এইবাৰ ২০ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত দি অহা ২৮ জানুৱাৰীত পুনৰ পাঁচশ কোটি টকাৰ ঋণ ল‘ব।

লাভ কৰা তথ্য অনুসৰি চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষটো শেষ হ‘বলৈ মাত্র দুটা মাহ বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰে নতুনকৈ কমেও প্রায় তিনি হাজাৰ কোটি টকা ঋণ লোৱাৰ প্ৰস্তাৱ লৈছে। ইতিমধ্যে ২০২৪-২৫ বিত্তীয় বর্ষটোৰ যোৱা সময়ছোৱাত প্রায় ১৫ হাজাৰ কোটি টকাৰ ঋণ চৰকাৰে লৈছে।

উল্লেখ্য যে, ভাৰতীয় ৰিজার্ভ বেংকৰ প্রতিবেদন অনুসৰি ২০২৩-২৪বর্ষলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ‘ল ১ লাখ ৫০ হেজাৰ ৯০০ কোটি টকা। গতিকে এনে বৃহৎ পৰিমাণৰ ঋণৰ প্রতি লক্ষ্য ৰাখি প্রতিবেদনত মূলতঃ নগদ ধন বিতৰণ তথা বিনামূলীয়া সামগ্রী বিতৰণৰ আঁচনিবোৰকে দায়বদ্ধ কৰা হৈছিল আৰু এনে অনুৎপাদনমূলক ব্যয় হ্রাস কৰি উৎপাদনমূলক কামত ব্যয় কৰিবলৈ পৰামর্শ দিয়া হৈছিল।

একেদৰে অসম চৰকাৰক বাৰম্বাৰ সকীয়াই দিছিল ভাৰতৰ মহাগাণনিকে। কিন্তু অসম চৰকাৰে ৰিজার্ভ বেংক কর্তৃপক্ষ আৰু ‘কেগ’ৰ উদ্বেগক গুৰত্বহীন কৰি একমাত্র ভোটবেংকৰ স্বাৰ্থতে ঋণৰ ধন হিতাধিকাৰী আঁচনিত ব্যয় কৰিবলৈ গৈ প্রতিটো বিত্তীয় বর্ষতে মূলধনী শিতানৰ ব্যয় হ্রাস কৰিছে।