NORTHEAST NOW (Assamese)

নিশা একো কৰিব নোখোজে নেকি আপোনাৰ স্বামীয়ে? তেন্তে মানি চলক শোৱনি কোঠাৰ এইকেইটা নিয়ম

July 18, 2024 6:30 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

যৌন সম্পৰ্কত আপত্তি কৰে নেকি আপোনাৰ স্বামীয়ে? ঘৰলৈ আহি একো কৰিব নোখোজে নেকি তেওঁ? ভাগৰি পৰাৰ উজুহাতত নিদিয়ে নেকি আপুনি বিচৰা মৰম আৰু আদৰ? অথবা সৰু সৰু কাৰণত প্ৰতিদিনে কাজিয়া হয় নেকি স্বামীৰ সৈতে? যদি এনেকুৱা পৰিস্থিতিৰ সৈতে আপুনি যুঁজি আছে তেন্তে মন পঢ়ক এই লেখাটো।

বহু সময়ত বাস্তু সঠিক নোহোৱাৰ গতিকে স্বামী-স্ত্ৰী জীৱনত কুপ্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। সৃষ্টি হয় নানানটা সমস্যাৰ। আনকি যৌন জীৱনটো পৰে ইয়াৰ বিৰূপ প্ৰভাৱ।

গতিকে আজিয়েই আপোনাৰ ঘৰৰ সজ্জা বাস্তু শাস্ত্ৰৰ মতে ঠিক কৰি লওঁক। লগতে মানি চলক কেতবোৰ নিয়ম। তেতিয়া আপুনি দেখিব যে আপোনাৰ বিবাহিত জীৱনটো সুন্দৰ হৈ পৰিছে।

১. বাস্তুৰ মতে সদায় মূৰটো পূব বা দক্ষিণমুখী কৰি শুব লাগে। লগতে পত্নীয়ে সদায় স্বামীৰ বাওঁফালে শুব লাগে।

২. শোৱা কোঠাত টিভি, মোবাইল আদি নাৰাখিব। ই মনোযোগ নাশ কৰাৰ লগতে বাস্তু শাস্ত্ৰত প্ৰভাৱ পেলায়। যদি আপোনাৰ শোৱা কোঠাত কুলাৰ, ফেন বা এচিয়ে ডাঙৰ শব্দ কৰি আছে, তেন্তে সোনকালে ঠিক কৰি লওক।

৩. সুখী বৈবাহিক জীৱনৰ বাবে শোৱা কোঠাৰ বেৰত ৰাধা-কৃষ্ণৰ ছবি ৰাখক। ইচ্ছা কৰিলে স্বামী-স্ত্ৰীৰ হাঁহিমুখীয়া ছবিও ৰাখিব পাৰে। মূৰটো ফালে বেৰক আপোনালোকৰ যৌথ ফটো ওলমাই ৰাখম।

৪. এটা সুস্থ আৰু সুন্দৰ সন্তানৰ বাবে আপোনাৰ আপোনাৰ শোৱা কোঠাত ভগৱান শ্ৰীকৃষ্ণৰ ছবি এখন ৰাখক। আপোনাৰ এটা ধুনীয়া সন্তান হ’ব।

৫. যদি শোৱা কোঠাৰ খিৰিকীৰ বাহিৰত মৰা গছ, ভঙা অট্টালিকা বা কাৰখানা বা বাহনৰ ধোঁৱা দেখা যায়, তেন্তে সেই খিৰিকীখন বন্ধ কৰক বা সদায় পৰ্দাৰে ঢাকি ৰাখক।

৬. ঠিক তেনেদৰে ঘৰত ভঙা আইনা নাৰাখিব। ইয়াক বাস্তু দোষ বোলা হয়। গতিকে আইনা ৰখাৰ ক্ষেত্ৰত সাৱধান হওক।

এইকেইটা নিয়ম মানি চলাৰ লগতে স্বামীৰ লগত সদায় ভাল লগা কথা পাতক, স্বামীক সন্মান দিয়ক, যত্ন লওঁক আৰু মৰম দিয়ক। দেখিব আপোনাৰ দাম্পত্য জীৱনলৈ ফেনেফুটুকাৰে সুখৰ বানপানী নামি আহিব।

Related News