NORTHEAST NOW (Assamese)

শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত দৌল মহোৎসৱৰ বৰ্ণিল কার্যসূচী

March 18, 2022 11:38 am · মৃদুল প্ৰীতম ডেকা, হাজো

দৌল মহোৎসৱক কেন্দ্ৰ কৰি বস্ত্ৰনগৰী শুৱালকুছিত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰত আৰম্ভ হৈছে দৌল মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী।

এই দৌল উৎসৱকলৈ এতিয়া আনন্দত আত্মহাৰা শুৱাকুছিবাসী। জন সমুদ্ৰত পৰিণত হৈছে বস্ত্ৰনগৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীহাটী সত্ৰ।

দৌল উৎসৱৰ পৰম্পৰা অনুসৰি প্ৰথম দিনা সন্ধিয়া সত্ৰৰ বাকৰিত থকা দৌল গৃহত গোঁসাই উঠাৰ পাছতে দোলাত ফুৰোৱা হয় গোঁসাইক।

তাৰ পাছতে গোঁসাইৰ সন্মুখত পৰর্ম্পৰাগতভাবে দাহন কৰা হয় মেজি। মেজি দাহন পৰ্বৰ পাছতে প্ৰদৰ্শন কৰা হয় আটচবাজিৰ।

কেইবাঘণ্টা ধৰি চলা এই আটচবাজিৰ পোহৰত যেন বৃহস্পতিবাৰে নিশা ৰঙীন হৈ পৰিল বস্ত্ৰ নগৰী শুৱালকুছিৰ আকাশ।

এক কথাত ৰঙৰ উৎসৱ ফাকুৱা আৰু অধিক ৰঙীন হ’ল আটচবাজিৰ ৰঙেৰে।

এই পৰম্পৰা উপভোগ কৰিবলৈ দৌল উৎসৱৰ প্ৰথমটো দিনত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিলে ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ প্ৰাঙ্গনত।

উল্লেখ্য যে, দৌল মহোৎসৱৰ অন্তিম দিনা হাটী সত্ৰত অনুষ্ঠিত হ’ব পৰম্পৰাগত বাঁহ ভঙা উৎসৱ।

Related News