NORTHEAST NOW (Assamese)

সংকটত প্ৰাক্তন ৰাষ্ট্ৰপতি! পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়া গোচৰত অভিযুক্ত ড’নাল্ড ট্ৰাম্প

March 31, 2023 10:06 am · এন ই নাও নিউজ, গুৱাহাটী
ড'নাল্ড ট্ৰাম্প। ফাইল ফটো: সংগ্ৰিহীত।

এগৰাকী পৰ্ণ ষ্টাৰক মুখ বন্ধ কৰি ৰাখিবলৈ ধন দিয়াৰ গোচৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ প্ৰস্তুত কৰা হৈছে। বৃহস্পতিবাৰে মানহাটানৰ গ্ৰেণ্ড জুৰী আদালতত তেওঁক অভিযুক্ত কৰা হয়।

ড’নাল্ড ট্ৰাম্প অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা আমেৰিকাৰ প্ৰথমগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে।

দেশখনৰ বিভিন্ন সংবাদ মাধ্যমত এই তথ্য সদৰী কৰা হৈছে। পৰ্ণ ষ্টাৰগৰাকীৰ নাম ষ্টৰ্মি ডেনিয়েলছ বুলি ইতিমধ্যে প্ৰকাশ পাইছে।

লগতে পঢ়ক: কোনো ৰেহাই নাই! চোৰাংচোৱাগিৰিৰ অভিযোগত ৰাছিয়াত আটক আমেৰিকাৰ সাংবাদিক

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মানহাটান জিলা এটৰ্নী এলভিন ব্ৰেগৰ নেতৃত্বত চলোৱা তদন্তৰ পিছতে ট্ৰাম্পৰ বিৰুদ্ধে  অভিযোগ প্ৰস্তুত কৰা হৈছে।

ৰিপাব্লিকান নেতাগৰাকীয়ে ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন বিচৰাৰ সময়তে আহিছে এই দু:সংবাদ।

বাতৰি মতে, ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত নিৰ্দিষ্ট অভিযোগ এতিয়াও জানিব পৰা হোৱা নাই, কিয়নো অভিযোগ এতিয়াও গোপনে ৰখা হৈছে।

আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ট্ৰাম্পৰ বিৰুদ্ধে ব্যৱসায়িক জালিয়াতিৰ ৩০টাতকৈও অধিক গোচৰ আছে।

লগতে পঢ়ক:  মুখামুখি সংঘৰ্ষত বিধ্বস্ত আমেৰিকাৰ দুখন সামৰিক হেলিকপ্টাৰ; নিহত ৯ জন

ইপিনে, ট্ৰাম্পে কয় যে তেওঁ “সম্পূৰ্ণ নিৰ্দোষী”। একে সময়তে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি নোযোৱাৰো ইংগিত দিয়ে।

ট্ৰাম্পে তেওঁৰ পুনৰ নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা বিনষ্ট কৰিবলৈ চেষ্টা কৰা বুলিও ডেম’ক্ৰেট শিৱিৰৰ বিৰুদ্ধে  অভিযোগ উত্থাপন কৰে।

Related News