NORTHEAST NOW (Assamese)
Popular Stories

ড’নাল্ড ট্ৰাম্পৰ আক্ৰমণকাৰী মেথিউ ক্ৰুকছ আছিল তেওঁৰেই দলৰ পঞ্জীয়নভুক্ত সদস্য; FBIৰ তদন্তত উজাগৰ তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2024 6:13 pm

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হত্যাৰ চেষ্টাৰ সৈতে জড়িত সন্দেহযুক্ত লোকজনৰ নাম থমাছ মেথিউ ক্ৰুকছ বুলি দেওবাৰে ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনে এক বিবৃতিত প্ৰকাশ কৰিছে।

এফ বি আইৰ মতে, পেনচিলভেনিয়াৰ বাটলাৰত ৰিপাব্লিকান দলৰ সমাৱেশত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক হত্যাৰ চেষ্টাৰ সৈতে জড়িত যুৱকজনৰ বয়স ২০ বছৰ৷

থমাছ মেথিউ ক্ৰুকছ আছিল পেনচিলভেনিয়াৰ বেথেল পাৰ্কৰ বাসিন্দা। ৰাজ্যখনৰ ভোটাৰৰ ৰেকৰ্ড অনুসৰি তেওঁ আছিল এজন পঞ্জীয়নভুক্ত ৰিপাব্লিকান।

সংস্থাটোৰ মুখপাত্ৰ এণ্টনি গুগ্লিয়েলমিয়ে জনোৱা মতে, বাটলাৰৰ সমাৱেশত আমেৰিকাৰ গোপন সেৱাৰ বিষয়াই ক্ৰুকছক হত্যা কৰে। তেওঁৰ এই কাৰ্যৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।

আমেৰিকাৰ গোপন সেৱাই জনোৱা মতে, গুলীচালনাত এজন দৰ্শক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত আগবাঢ়ি থকা ড’নাল্ড ট্ৰাম্পে শনিবাৰে (স্থানীয় সময় অনুসৰি) বাটলাৰত অনুষ্ঠিত এক সমাৱেশত অনুগামীসকলক সম্বোধন কৰি থকাৰ সময়তে বন্দুকৰ গুলীৰ শব্দ হয়। ট্ৰাম্পে সোঁ কাণৰ ওপৰৰ অংশত গুলী বিন্ধিছে বুলি দাবী কৰাৰ সময়তে ট্ৰাম্পৰ মুখত তেজ দেখা গৈছিল।