NORTHEAST NOW (Assamese)

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হায়দৰাবাদস্থিত আমেৰিকান কনছুলেটৰ সমীপৰ এটা পথ তেওঁৰ নামত ডনাল্ড ট্ৰাম্প এভিনিউহিচাপে নামকৰণ কৰাৰ বাবে তেলেংগানা চৰকাৰক আনুষ্ঠানিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যম ট্ৰুথ ছচিয়েলত এক বাৰ্তা যোগে ট্ৰাম্পে উল্লেখ কৰে যে এনে সন্মান লাভ কৰা তেঁৱেই হৈছে আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। আমেৰিকাৰ ২৫০ সংখ্যক স্বাধীনতা দিৱস অৰ্থাৎ ফ্ৰীডম ২৫০উদযাপনৰ অংশ হিচাপে তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী মাল্লু ভাট্টি বিক্ৰমাৰ্কা আৰু ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅগোৰে চলিত সপ্তাহৰ আৰম্ভণিতে আনুষ্ঠানিকভাৱে পথটোৰ নামফলক উন্মোচন কৰা এখন আলোকচিত্ৰও ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে।

হায়দৰাবাদৰ নানকৰামগুডাৰ বিত্তীয় জিলাত অৱস্থিত আৰু পূৰ্বে ইউ এছ কনছুলেট ৰোডনামেৰে পৰিচিত এই পথটোৰ মঙলবাৰে আনুষ্ঠানিকভাৱে নতুন নামকৰণ কৰা হয়। আমেৰিকান কনছুলেটৰ কাষতে থকা এই পথটোৰ সমীপত মাইক্ৰছফ্ট, গুগল আৰু আমাজনৰ দৰে বৃহৎ আমেৰিকান প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ কাৰ্যালয় অৱস্থিত। হায়দৰাবাদস্থিত আমেৰিকান কনছুলেট জেনেৰেলে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই বিশেষ নামকৰণে আমেৰিকা যুক্তৰাষ্ট্ৰক সন্মানিত কৰাৰ লগতে ভাৰত-আমেৰিকাৰ সম্পৰ্কত হায়দৰাবাদৰ ক্ৰমবৰ্ধমান গুৰুত্বক প্ৰতিফলিত কৰিছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰদূত চাৰ্জিঅগোৰে দ্বিপাক্ষিক সম্পৰ্কত হায়দৰাবাদৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে হাইটেক চিটীৰ পৰা আৰম্ভ কৰি মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডলৈকে এই অঞ্চলটোৱে যি প্ৰগতি লাভ কৰিছে, সেয়া আমেৰিকা-ভাৰতৰ দ্বিপাক্ষিক গতিশীলতাৰ পৰিচায়ক। তেলেংগানা চৰকাৰক ধন্যবাদ জনাই তেওঁ কয় যে এই পদক্ষেপে ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ বাবে পোষকতা কৰা এক শক্তিশালী আৰু সন্মানজনক অংশীদাৰিত্বক প্ৰতিফলিত কৰিছে। দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ প্ৰসংগত তেওঁ কয় যে অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি আৰু মিছন ইণ্ডিয়াৰ জৰিয়তে আমেৰিকালৈ ২০ বিলিয়ন ডলাৰৰ নতুন বিনিয়োগ অহাৰ পথ প্ৰশস্ত হৈছে, যিয়ে প্ৰমাণ কৰে যে আমেৰিকা ফাৰ্ষ্টমানে কেৱল আমেৰিকা অকলেনহয়।

আনহাতে, তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী বিক্ৰমাৰ্কায়ো আমেৰিকাৰ ২৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমেৰিকান জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভাৰত-আমেৰিকাৰ সম্পৰ্কত তেলেংগানাৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ কথা দোঁহাৰে। অনুষ্ঠানত হায়দৰাবাদৰ আমেৰিকান কনছাল জেনেৰেল লৌৰা উইলিয়ামছেও অংশগ্ৰহণ কৰি সমগ্ৰ অঞ্চলটোত গঢ় লৈ উঠা উদ্ভাৱনীমূলক পৰিৱেশৰ প্ৰশংসা কৰি প্ৰতিভা আৰু ধাৰণাৰ মুকলি আদান-প্ৰদানৰ প্ৰতি কনছুলেটৰ দায়বদ্ধতাৰ কথা দোঁহাৰে।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকালত আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা উচ্চ শুল্ক, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাক লৈ নতুন দিল্লীক জৰিমনা বিহা আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ফলত ভাৰত-আমেৰিকাৰ সম্পৰ্কই কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অৱশ্যে, যোৱা সপ্তাহত ফ্ৰান্সত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত হোৱা আলোচনাত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনা আগবঢ়াই নিয়াৰ সন্মতি প্ৰকাশ কৰা হৈছিল। নিজৰ কাৰ্যকালত কেতিয়াও হায়দৰাবাদ ভ্ৰমণ নকৰা ট্ৰাম্পক সন্মান জনাই লোৱা এই পদক্ষেপে এতিয়া দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে বুলি চৰ্চা হৈছে।

 

Related News