NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে আত্মপ্ৰকাশ ড’নাল্ড ট্ৰাম্পৰ; হোৱাইট হাউচত প্ৰৱেশৰ প্ৰস্তুতি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 6, 2024 1:12 pm
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে আত্মপ্ৰকাশ ড’নাল্ড ট্ৰাম্পৰ; হোৱাইট হাউচত প্ৰৱেশৰ প্ৰস্তুতি

ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছলৈ উভতি আহিবলৈ সাজু হৈছে৷ ট্ৰাম্পে তেওঁৰ ডেম’ক্ৰেটিক দলৰ প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাস্ত কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ড’নাল্ড ট্ৰাম্পে। এই পৰ্যন্ত ট্ৰাম্পে লাভ কৰিছে ২৭৭টা নিৰ্বাচনী ভোট। সংখ্যাগৰিষ্ঠতাৰ বাবে এজন প্ৰাৰ্থীক ২৭০টা ভোটৰ প্ৰয়োজন। ৩৫খন আসনৰ ফলাফল এতিয়াও অহা নাই৷